“সভ্যতাৰ বিকাশৰ এক অন্যতম মাধ্যম গ্ৰন্থ ” : জামুগুৰিহাটত গ্ৰন্থ উন্মোচনী সভা

জামুগুৰিহাট, ১৭নবেম্বৰ : চতিয়া বিধান সভা সমষ্টিৰ জামুগুৰিহাটৰ গমিৰিপালৰ যুৱ লেখক ঢুণ্ডিৰাজ উপাধ্যায়ৰ নৱতম অসমীয়া প্ৰবন্ধ সংকলন ‘যুগে যুগে প্ৰৱাহিত ধাৰা’ নামৰ গ্ৰন্থখন যোৱা ১৬ নবেম্বৰত গমিৰিপালত আয়োজিত এখনি সভাত উন্মোচন কৰা হয়। নাট্যকাৰ পূৰ্ণ কুমাৰ শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত সভাত উন্মোচক হিচাপে উপস্থিত থাকি গ্ৰন্থভাগ উন্মোচন কৰে জামুগুৰিহাটৰ বিশিষ্ট কবি ষড়ানন দেৱনাথে। গ্ৰন্থ উন্মোচন কৰি কবিগৰাকীয়ে কয় যে সভ্যতাৰ বিকাশৰ এক অন্যতম মাধ্যম গ্ৰন্থ। মানৱ সভ্যতা থকালৈকে নিঃসন্দেহে গ্ৰন্থৰ প্ৰণয়ন, প্ৰকাশন, অধ্যয়ন, আঁদৰ আৰু গ্ৰহণযোগ্যতা থাকিবই। নাট্যকাৰ পূৰ্ণ কুমাৰ শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত সভাত শিল্পী পেঞ্চন প্ৰাপক শিল্পী চক্ৰপাণি শৰ্মা, অৱসৰী শিক্ষক পদ্ম শৰ্মা, অৱসৰী শিক্ষয়িত্ৰী বালা কুমাৰী দেৱী, শিক্ষক চুড়মণি সৰকাৰে চমু বক্তব্য ৰাখে। স্থানীয় সাংবাদিক অঞ্জন বাচকোটা, হিৰণ্য শৰ্মা, ভাৰতী দেৱী আদি উপস্থিত থকা সভাত শলাগৰ শৰাই আগবঢ়ায় নাৰদ নিৰলাই আৰু সভাৰ সমস্ত কাৰ্যসূচীৰ আঁত ধৰে লিখক ঢুণ্ডিৰাজ উপাধ্যায়ে।

Related Articles