নগাঁও,১৭ নৱেম্বৰঃ আজি নগাঁও চহৰৰ কলংপাৰৰ সমীপত থকা মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ সমাধি স্থলীত ছহিদ গৰাকীৰ এটি আৱক্ষ মূৰ্ত্তি উন্মোচন কৰা হয় । সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ বিশেষ প্ৰচেষ্টাত বিশিষ্ট শিল্পী দিগন্ত মাধৱ গোস্বামীয়ে গ্লাছ ফাইবাৰৰে নিৰ্মাণ কৰি উলিওৱা এই আৱক্ষ মূৰ্ত্তিতো আজি উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ডঃ কুলধৰ শইকীয়াই । গায়ন-বায়ন , খোল-তালৰ মাংগলিক ধ্বনিৰ মাজত বন্তি প্ৰজ্বলন কৰি , শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্ত্তিতো উন্মোচন কৰা হয় । এই উপলক্ষে অনুষ্ঠিত হোৱা সীমিত পৰিসৰৰ উন্মোচনী সভাত অসম সাহিত্য সভাৰ সভাপতি গৰাকীৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । আৱক্ষ মূৰ্ত্তি উন্মোচন কৰি অসম সাহিত্য সভাৰ সভাপতি ডঃ কুলধৰ শইকীয়াই অসমীয়া ভাষা , সাহিত্য , সংস্কৃতি ৰক্ষাৰ যুঁজত সাহিত্য সভাৰ লগতে সকলো জাতীয় দল-সংগঠনক সন্মিলিতভাৱে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় । নিজৰ ভাষণত অসম সাহিত্য সভাৰ সভাপতি ডঃ কুলধৰ শইকীয়াই কয়,”ছহিদ অনিল বৰাৰ আৱক্ষ মূৰ্তিটো উন্মোচন কৰিবলৈ পাই আজি মই সুখ অনুভৱ কৰিছো। ছাত্ৰ সন্থাৰ উদ্যোগত ইয়াত ছহিদ গৰাকীৰ আৱক্ষ মূৰ্ত্তিটো প্ৰতিষ্ঠা কৰাত আমি সুখ পাইছো এই কাৰণেই যে সময়ৰ যি বিধ্বংসী ৰূপ,সময়ৰ বিধ্বংসী প্ৰৱাহত আমি তাৰ বহু কথাই পাহৰি যাও। কিন্তু এনেকুৱা কিছুমান কাৰ্যসূচীয়ে সেই স্মৃতি সজীৱ কৰি তোলে। অসম সাহিত্য সভাৰ প্ৰসঙ্গত শইকীয়াই কয়,”অসম সাহিত্য সভাৰ লগত এই খন ৰাজ্যৰ শুভ চিন্তা কৰা প্ৰত্যেক জন ব্যক্তি জড়িত হ’ব পাৰে। তেওঁ লোকৰ বাবে সাহিত্য সভাৰ দুৱাৰ খোলা আছে।”তেওঁ আৰু কয়,”নৱ প্ৰজন্মই সাহিত্য সভা খন আগুৱাই নিব লাগিব। কিয়নো নতুন প্ৰজন্মই অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি নাচালে এটা জাতি জীয়াই থাকিব নোৱাৰে। সেয়েহে নৱ প্ৰজন্মক সাহিত্য সভাৰ লগত জড়িত কৰাৰ প্ৰয়াস কৰা হৈছে।” অসমৰ জাতীয় সংগঠন সমূহক জীয়াই ৰাখিব নোৱাৰিলে আমি ভাৰাক্ৰান্ত হ’ম বুলি মন্তব্য কৰি শইকীয়াই আৰু কয়,”জাতীয় সংগঠন সমূহে অসমীয়া ভাষা সংস্কৃতিৰ বাবে সমূহীয়াকৈ সংগ্ৰাম কৰিব লাগিব।” ছহিদ অনিল বৰাৰ আৱক্ষ মূৰ্তি উন্মোচন অনুষ্ঠানত ছহিদ অনিল বৰাৰ ভ্ৰাতৃ অপূৰ্ব বৰা,অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, গল্পকাৰ শিবানন্দ কাকতি,সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰন্টু শৰ্মা, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য মৃদুল হাজৰিকা,সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰী শংকৰ শইকীয়া,আছুৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক অমৰ জ্যোতি ফুকন,সাহিত্যিক ৰতিমোহন নাথ,অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্য্যালয়ৰ সহকাৰী সম্পাদক মৃণাল হাজৰিকা,আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সুৰজিৎ কুমাৰ ভাগৱতী, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱা, প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱা আদিয়ে অংশগ্ৰহণ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…