শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ শুভ উদ্বোধনী অনুষ্ঠান। ১১০ খন বিচনা যুক্ত চিকিৎসালয় উদ্বোধন কৰিলে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । এক দীৰ্ঘদিনৰ অপেক্ষাত নলবাৰী বাসীয়ে আশা কৰা ধৰনে লাভ কৰিলে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত নতুন এক স্বাস্থ্য সেৱা।
১১০ খন বিচনা যুক্ত নতুন চিকিৎসালয় লাভ কৰিলে নলবাৰী বাসীয়ে । বৃহস্পতিবাৰে উক্ত চিকিৎসালয়ৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। তেওঁক সংগ দিয়ে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।
উল্লেখযোগ্য যে নলবাৰী মেডিকেল কলেজ স্থাপন হোৱাৰ পিছত নলবাৰী চহৰত অৱস্থিত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় খনক লৈ চলিছিল ব্যাপক চৰ্চা। চিকিৎসালয়খন নলবাৰী মেডিকেল কলেজৰ লগত স্থানান্তৰ অথবা সংলগ্ন কৰা সন্দৰ্ভত নলবাৰী বাসীৰ মনত উদয় হৈছিল বিভিন্ন প্ৰশ্নৰ। আনকি জাতীয় সংগঠন সমুহৰ লগত ৰাইজে প্ৰতিবাদ কৰিছিল উক্ত অসামৰিক চিকিৎসালয়খনক লৈ।তেতিয়াই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় খন ৫০ খন বিচনা যুক্ত চিটি হেল্থ কেয়াৰ হস্পিতাল এখন হব বুলি প্ৰতিশ্ৰুতি দিছিল ।
ইয়াৰ পিছতো শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতি নামেৰে একাংশই ধাৰাবাহিক ভাবে প্ৰতিবাদ চলাই আহিছিল । আঠ মাহৰ মূৰত সেই সকলক একপ্ৰকাৰ যোগ্য প্ৰত্যত্তুৰ দি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজহুৱাকৈ কৰিলে কেতবোৰ মন্তব্য । নলবাৰী সমাজ জীৱনৰ বাবে কোন সকলে ভাল চিন্তা কৰি কাম কৰিছে আৰু কোন সকলে মানুহক বিপথে পৰিচালিত কৰিছে নলবাৰীৰ মানুহে জানিছে, ইতিমধ্যে আমিও সেইসকলক চিনাক্ত কৰিছো,ভবিষ্যতৰ দিনত মন্ত্ৰী গৰাকী সেই সকলৰ ওপৰত কঠোৰ হব বুলিও উল্লেখ কৰে । কিন্তু আজি ৫০ খন নহয় ১১০ খন বিচনা যুক্ত চিকিৎসালয় আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয় ।

ভবিষ্যতৰ দিনত ৰোগী সকলৰ সুবিধাৰ্থে আৰু অধিক বিচনা চিকিৎসালয় খনত সংলগ্ন কৰা হব বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰে । স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত কোনো দিনে অসুবিধা নোহোৱাকৈ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় ভবিষ্যতে চলিব বুলি কোৱাৰ লগতে মন্ত্ৰী গৰাকীয়ে আঠ মাহ ধৰি চিকিৎসালয় খনক লৈ প্ৰতিবাদ কৰি থকা সকলোকো যোগ্য প্ৰত্তোতৰ দিয়ে । শুভ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত, জিলা আয়ুক্তৰ লগতে নলবাৰী জিলা বিজেপি সভাপতি ডাঃ মৃগাংক তালুকদাৰ লগতে বিজেপিৰ আন আন বিষয় ববীয়াৰ লগতে নলবাৰীৰ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।

