মাৰ্ঘেৰিটাত ২৮৮সংখ্যক বীৰ ৰাঘৱ মৰাণ দিৱস উদযাপন

মহানায়ক বীৰ ৰাঘৱ মৰাণৰ ২৮৮ সংখ্যক দিৱসটি দেওবাৰে মাৰ্ঘেৰিটাত উলহমালহেৰে উদযাপিত কৰা হয়।অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত, তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত, মাৰ্ঘেৰিটা আঞ্চলিক সমিতি আৰু মাৰ্ঘেৰিটাবাসী ৰাইজৰ আতিথ্যত দিনযোৰা কাৰ্যসূচীয়ে মাৰ্ঘেৰিটাৰ ইণ্ডিয়া ক্লাবত অনুষ্ঠিত কৰা হয় বীৰ ৰাঘৱ মৰাণৰ ২৮৮ সংখ্যক দিৱস।

কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাইয়ে।

স্মৃতি তৰ্পণ কৰে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইয়ে।ইয়াৰ পিছতে সতীৰ্থ স্মৰণৰ অনুষ্ঠানৰ আঁতধৰে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাই।

বীৰ ৰাঘৱ মৰাণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণৰ পিছতে অনুষ্ঠিত কৰা সমন্বয় সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰে মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাই।

আৱেলি অনুষ্ঠিত কৰা মুকলি সভা আৰু বঁটা প্ৰদান আৰু স্মৃতি গ্ৰন্থ উন্মোচন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰাণ সাহিত্য সভা মুখ্য উপদেষ্টা তৰুণ বৰুৱা মৰাণসহ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ বহু কেইজন নেতৃবৃন্দ।

উক্ত গাম্ভীৰ্য্যপুৰ্ণ অনুষ্ঠানতে বীৰ ৰাঘৱ মৰাণ বঁটাৰে সন্মানিত কৰা হয় বিশিষ্ট সাংবাদিক, লেখক তথা প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুক।

-বিকাশ বৰুৱা, মাৰ্ঘেৰিটা

Related Articles