নগাওঁ, ১৯ নবেম্বৰ : নগাওঁ আৰক্ষীয়ে কালি নিশা অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ী এহাল দম্পতীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দম্পতীহাল হ’ল – মৌচম খন্দকাৰ আৰু ৰেচমা বেগম । জানিব পৰা মতে নগাঁও নগৰ আৰক্ষীৰ এটা দলে চহৰ খনৰ খীষ্টানপট্টিৰ এ ডি পি ৰোডত এটা ঘৰত নিশা অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ, বিলাতী সুৰাৰ বটল জব্দ কৰাৰ লগতে ৬৭ হাজাৰ নগদ ধন আৰু ড্ৰাগছ ব্যৱসায়ত ব্যৱহৃত বিভিন্ন আপত্তিজনক সামগ্ৰী জব্দ কৰে। আৰক্ষী সূত্ৰে জানিব পৰা মতে এই দম্পতীহালে দীৰ্ঘদিন ধৰি ঘৰতে ড্ৰাগছৰ ঘাটি পাতি ড্ৰাগছ আৰু অবৈধ বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছিল। এই খবৰ গোপন সূত্ৰে লাভ কৰি নগাঁও আৰক্ষীয়ে নিশা অভিযান চলাই ঘাটিটো উৎখাত কৰাৰ লগতে দম্পতি হালক গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি নগাঁও আৰক্ষীয়ে এন ডি পি এছ এক্টৰ অধীনত ২৮৬১/২০ নম্বৰৰ এক গোচৰ পঞ্জীয়ণ কৰি ড্ৰাগছ ব্যৱসায়ী দম্পতি হালক আজি আদালতলৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে মৌচম খন্দকাৰক পূৰ্বেও নগাওঁ আৰক্ষীয়ে ড্ৰাগছ ব্যৱহায়ৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল। আনহাতে নগাওঁ আৰক্ষীয়ে আজি বিয়লি নগাঁও চহৰৰ সমীপৰ মধুপুৰত আন এক অভিযান চলাই জলিল মীৰ ওৰফে ককা নামৰ এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…
- ৮৯ সংখ্যক জন্মদিনত অৱসৰী অধ্যাপক, কথাশিল্পী তথা লেখক ঘন হাজৰিকাক সম্বৰ্দ্ধনা…
- কেতিয়া আৰু কিমান সময় ৰ’দত থাকিলে লাভ কৰিব ভিটামিন ডি…
- আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সাহস নাই বাবেই ৰাহুলে বাছি লৈছে ৰায়বৰেলী সমষ্টি, মোদীৰ কটাক্ষ…
- সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…