সৃষ্টি প্ৰকাশৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা। ৰূপালী বৰা শইকীয়াৰ ‘মোৰ অনুভৱৰ বৰ্ণিল যাত্ৰা’ উন্মোচন…

কবিতা চৰ্চা কৰিবলৈ হ’লে কবিসকলৰ ইমাজিনেচন বৰ দৰকাৰ। অনুভৱ, অভিজ্ঞতাই কবিতা লিখাৰ ক্ষেত্ৰত সৰ্বোচ্চ নহয়। অতি কল্পনাপখৰ ভাবনাত সৃষ্ট হয় কবিতাৰ। এই গুৰুত্বপূৰ্ণ বক্তব্য বিশিষ্ট কবি তথা সাহিত্য অকাডেমি বঁটা প্ৰাপক জ্ঞান পূজাৰীৰ। কালি দিনৰ ১১.২০ বজাত অসমৰ সম্ভ্ৰান্ত গ্ৰন্থ প্ৰকাশন প্ৰতিষ্ঠান সৃষ্টি প্ৰকাশৰ উদ্যোগত অনুষ্ঠিত এখনি গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত এইদৰে বক্তব্য আগবঢ়ায়। বিশিষ্ট গীতিকাৰ তথা কবি-সাহিত্যিক, ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ দিগন্ত গোহাঞিৰ পৌৰোহিত্যত গহপুুুৰস্থিত শ্বহীদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ৰ নিমিষা কিটচেনত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখন আঁত ধৰে কবি-সাংবাদিক বিপুল কুমাৰ দিহিঙীয়াই। গহপুুুৰ ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা লেখিকা ৰীণা বৰাই বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। শিশু শিল্পী আকাশ নীলিম শইকীয়াৰ বৰগীত পৰিৱেশনেৰে অনুষ্ঠান আৰম্ভ হোৱা গ্ৰন্থ উন্মোচনী সভাখনিত বিপুল কুমাৰ দিহিঙীয়াই উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱাৰ পাছতে সভাত উপবিষ্ট সুধিজনক ৰূপালী বৰা শইকীয়াৰ পৰিয়ালৰ তৰফৰ পৰা লেখিকা অঞ্জু বৰা দত্তই আদৰণি জনায়। বিশিষ্ট কবি, প্ৰবীণ সাংবাদিক তথা সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন উপ-সভাপতি নগেন কোঞৰে সভাখনি উদ্বোধন কৰি আৰক্ষী বিভাগত কৰ্মৰত লেখিকাগৰাকীৰ কাব্য প্ৰতিভাক শলাগ জনায়। কাৰ্যসূচী অনুসৰি অসম আৰক্ষী বিভাগত কৰ্মৰত তথা তৰুণ প্ৰজন্মৰ এগৰাকী শক্তিশালী কবি ৰূপালী বৰা শইকীয়াৰ প্ৰথমখনি কাব্য সংকলন ‘মোৰ অনুভৱৰ বৰ্ণিল যাত্ৰা’ সদৌ অসম কবি সন্মিলনৰ সভাপতি তথা বিশিষ্ট কবি বংশী বৰাই উন্মোচন কৰে।

তেওঁ ভাষণ প্ৰসংগত সামাজিক মাধ্যমত পৰিচিত ৰূপালী বৰা শইকীয়াই কৰ্ম ব্যস্ততাৰ মাজতো কাব্য চৰ্চা অহা কথাটো আমাৰ বাবে সুখৰ বতৰা বুলি উল্লেখ কৰি তিনিকুৰি কবিতা থূপাই সৃষ্টি প্ৰকাশে প্ৰকাশ কৰা এই গ্ৰন্থখনি অসমৰ কাব্যপ্ৰেমী সকলে আঁকোৱালি ল’ব বুলি আশা ব্যক্ত কৰে। সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট লেখক ড০ অঞ্জন কুমাৰ ওজাই সাৰগৰ্ভ বক্তব্য ৰাখে। তেওঁ ভাষণ প্ৰসংগত কবিতাত ৰসায়ন থকাৰ কথা উল্লেখ কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। কবি দিলীপ পৰাজুলী, যদুনাথ বশিষ্ঠ, নিকুঞ্জ কোঞৰ মহন্ত, অনিল শইকীয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য ৰাখে। সভাত সভাপতি দিগন্ত গোহাঞিয়ে বক্তব্য ৰাখি ৰূপালী বৰা শইকীয়াৰ এই কাব্যগ্ৰন্থখনি অসমীয়া কাব্য সাহিত্যত নতুন সংযোগ বুলি উল্লেখ কৰে। সভাত বিশিষ্ট কবি তথা বিশ্বনাথ জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি সবিতা কোঞৰ, হেৰম্বৰ প্ৰসাদ বৰুৱা, তপন গোস্বামী, বিশিষ্ট নাট্যকাৰ দিলীপ বৰা, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ যুটীয়া সম্পাদক দিলীপ বৰা, অপূৰ্ব বেজ, বিৰজা হাজৰিকা, বিশিষ্ট লেখিকা বৰ্ণালী কটকী ওজা, গহপুুুৰ লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী বিজয়া দত্ত হাজৰিকা, বৈজয়ন্তী বৰা, ৰুণু বেজ, বিশিষ্ট কবি তথা ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপক জগদীশ শৰ্মা, বিশিষ্ট লেখক ভুৱন চন্দ্ৰ বৰা, বিশ্বনাথ জিলা কবি সন্মিলনৰ সম্পাদক অনিত শইকীয়া, মৌচুমী দত্ত বৰা, মহেন্দ্ৰ বৰা, নবীন শইকীয়া, নিৰুমণি বৰা, মানিকী বৰা, তপন দত্ত, উৎপল শইকীয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা সভাত কবি ৰূপালী বৰা শইকীয়াই বক্তব্য ৰাখি এই গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি উৎসাহিত কৰা সকলোকে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰে। বিশেষকৈ উন্মোচক বংশী বৰা, উদ্বোধক নগেন কোঞৰ, সভাপতি দিগন্ত গোহাঞি, বিশিষ্ট অতিথি জ্ঞান পূজাৰী, ড০ অঞ্জন কুমাৰ ওজা, যদুনাথ বশিষ্ঠ, দিলীপ পৰাজুলীৰ লগতে গ্ৰন্থখনিৰ বেটুপাত আৰু প্ৰকাশৰ সামগ্ৰিক ব্যৱস্থা কৰি দিয়া বিপুল কুমাৰ দিহিঙীয়া, অঞ্জু বৰা দত্তৰ শলাগ লয়। উল্লেখ্য যে সভাত প্ৰকাশক বিপুল কুমাৰ দিহিঙীয়াই তৰুণ কবিগৰাকীৰ সম্পৰ্কে নাতিদীৰ্ঘ বক্তব্য ৰাখে।নিতুল বৰা গহপুৰ।

Related Articles