Breaking

ডবকা ভেলৌগুৰিত জঘন্য ঘটনা, ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি ঘৰতেই পেলাই থৈ গল মৃতদেহ ।

0 1,050

ডবকা :

জঘন্য, অমানৱীয়, মৰ্মান্তিক এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে ডবকাৰ ভেলৌগুৰি আদৰ্শ গাঁৱত। এগৰাকী নাবালিকা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰি ঘৰতেই পেলাই থৈ গল মৃতদেহ। এই ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটো সংঘটিত হৈছিল ১৬ জুনৰ   নিশা ৯ মান বজাত। পিতৃ হীনা কিশোৰীগৰাকী ঘৰত অকলে বুলি জানিব পাৰি ভেলৌগুৰি আদৰ্শ গাঁৱৰ  চনি গৌড় আৰু উৎপল বৰাৰ নেতৃত্বত এদল পাষণ্ডৰ দলে উপৰ্যুপৰি  ধৰ্ষণ কৰি হত্যা কৰে। ঘৰৰ কাষতেই থকা স্থানীয় অৰুপ পানিকা আৰু অনিল পানিকাই গুণ গুনণি শব্দ শুনি চিঞৰ-বাখৰ কৰাত নৰপিশাচৰ দাৰ আক্ৰমণত অনিল পানিকাও  গুৰুতৰভাবে আহত হয়। ঘটনাৰ খবৰ পাই মঙ্গলবাৰে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষা অন্তত পৰিয়ালক মৃতদেহ চমজাই দিয়ে। মঙ্গলবাৰে বিয়লিৰ ভাগত ঘটনা সংক্ৰান্তত নাবালিকাগৰাকীৰ পৰিয়ালে ডবকা থানাত গোচৰ দাখিল কৰে। আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি মূল অভিযুক্ত চনি গৌড় নামৰ   লম্পটটোক সন্ধিয়া গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আজি দ্বিতীয়জন অভিযুক্ত  উৎপল বৰাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। বাকী লম্পটকেইটা সম্প্ৰতি পলাতক হৈ আছে। এই নাৰকীয় ঘটনাৰ লগত জড়িত সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবী তুলিছে ডবকাৰ হোজাইৰ দল সংগঠনে। ইপিনে গ্ৰেপ্তাৰ হোৱা দুই অভিযুক্তক আৰক্ষীয়ে শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰি পুনৰ সাত দিনৰ আৰক্ষীৰ জিম্মালৈ আনি অধিক তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply