Breaking

হাজোৰ নতুন দিহিনাত চাৰি বছৰে ৰহস্যজনক ভাৱে নিৰুদ্দেশ এগৰাকী ৪০বছৰীয়া ব্যক্তি

0 2,055

কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত নতুন দিহিনা নিবাসী এগৰাকী ৪০ বছৰীয়া ব্যক্তি চাৰি বছৰ ধৰি ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছে । উল্লেখযোগ্য যে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত তামোল পানৰ খুচুৰা ব্যৱসায়ৰে পৰিয়াল পোহপাল দিয়া নতুন দিহিনা নিবাসী ৰামেশ্বৰ দাসে কৰ্মব্যস্ততাৰ তাগিদাত প্ৰতিদিনেই ঘৰলৈ অহা যোৱা কৰিছিল । কিন্তুু ২০১৮ চনৰ ৩ এপ্ৰিল তাৰিখৰ পৰা ৰাতিপুৱাতে কামলৈ বুলি ওলাই যোৱা ৰামেশ্বৰ দাস আজি পৰ্যন্ত ঘৰলৈ ওভতি নাহিল। যাৰ বাবে পত্নীনিৰুবালা দাসে দুই সন্তানৰ সৈতে আজি চাৰিবছৰে স্বামীক বিছাৰি ফুৰিছে যদিও আজি পৰ্যন্ত কোনো সম্ভেদ নাই ৰামেশ্বৰ দাসৰ । স্বামীবিহিন পত্নী নিৰুবালা দাসে দুই পুত্ৰসহ আৰ্থিক ভাৱে জুৰুলা হৈ আনৰ ঘৰত কাম কৰি পৰিয়াল পোহপাল দিব লগীয়া হৈছে। তদুপৰিসমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত । অৱশ্যে ঘটনা সন্দৰ্ভত হাজো আৰক্ষী থানাতো এজাহাৰ দাখিল কৰিছিল যদিও ঘৰৰ পৰিয়ালে আজি পৰ্যন্ত একো শুংসুত্ৰ পোৱা নাই নিৰুদ্দেশ হোৱা ব্যক্তি গৰাকীৰ । যাৰ বাবে আজি অসহায় পৰিয়ালটোৱে সংবাদ মাধ্যমৰ ওচৰ চাপে । কোনো সদাশয় লোকে ব্যক্তিগৰাকীৰ কিবা সম্ভেদ পালে ৭৫৭৭০৬৩০০৮ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ ভাৱে অনুৰোধ জনাইছে ।

Leave A Reply