Breaking

১৮ মাহত ৮ সন্তান জন্ম বিহাৰৰ ৬৫ বছৰীয়া মহিলাৰ‌

0 1,345

দৈনন্দিন বাৰ্তা ডেস্ক : এটা বা দুটা নহয়, আঠটি সন্তান জন্ম দিছে এগৰাকী মহিলাই ৷ তাতকৈ আচৰিত কথা হ’ল মাত্ৰ ১৮ মাহৰ ভিতৰত এই সন্তানকেইটা জন্ম দিয়ে ৷ এই কথা স্বয়ং ৬৫ বছৰীয়া মহিলাগৰাকীয়ে জনোৱা নাই ৷ ইয়াৰ বিপৰীতে চৰকাৰী নথি চাইহে মহিলাগৰাকীক আবিষ্কাৰ কৰা হৈছে ৷ তাকে লৈ আলোড়নৰ সৃষ্টি হৈছে বিহাৰত ৷ এক সৰ্বভাৰতীয় সংবাদ মাধ্যমত এই কথা পোহৰলৈ আহিছে ৷ দৰিদ্ৰ পৰিয়ালৰ গৰ্ভৱতী মহিলাগৰাকীৰ বাবে নেচনেল মেটাৰনিটি বেনিফিট প্ৰকল্প আৰম্ভ হৈছে ৷ তাৰ আওতাত সন্তান প্ৰসৱৰ আগতে আৰু পাচত কেইটামান মাহ ১৪০০ টকাকৈ দিয়া হয়৷ আশা কৰ্মীয়ে পায় ৬০০ টকাকৈ৷ যোৱা দুবছৰে বিহাৰৰ এই প্ৰকল্পৰ আওতাত যিসকলে টকা পাইছে সম্প্ৰতি তেওঁলোকৰ এক তালিকা যুগুত কৰা হৈছে৷ তাতে দেখা যায় মুজফফৰপুৰ জিলাৰ মুছাহৰী৷ব্লকৰ ছোটি কোঠিয়া গাঁৱৰ বাসিন্দা লীলা দেৱী নাম আছে৷ হিচাপ কৰি দেখা গ’ল ১৮ মাহত তেওঁ ৮ সন্তান জন্ম দিছে বুলি তাত উল্লেখ আছে৷ তাৰ বাবদ তেওঁ টকা নিছে বুলি জানিব পৰা গৈছে৷ এই তালিকা লৈ যোগাযোগ কৰা হয় লীলা দেৱীক৷ তেতিয়া তেওঁ জনায় যে ২১ বছৰৰ আগতে তেওঁ শেষবাৰ এক পুত্ৰ সন্তান জন্ম দিছিল৷ স্বামী পেশাত কৃষক৷ সম্প্ৰতি বেংক একাউণ্ট লেনডেনৰ হিচাপ চাই দেখিবলৈ পায় যে এসপ্তাহৰ আগতে তেওঁৰ একাউণ্টত টকা জমা হৈছে৷ কিন্তু তেওঁৰ নাম কৈ সেই টকা লৈ যোৱা হৈছে৷ মুছাহৰীৰ যি ষ্টেট বেংকৰ শাখাত একাউণ্ট আছে, তাৰ কাষ্টমাৰ ছাৰ্ভিচ পইণ্ট চেণ্টাৰত বিষয়টো যোগাযোগ কৰে লীলা দেৱীয়ে৷ কিন্তু তাত তেওঁক কোৱা হয়, পানী ঘোলা কৰিব নালাগে৷ তেওঁৰ নামত যিমান টকা লোৱা হৈছে সেয়া ঘুৰাই দিয়াৰ আশ্বাস দিয়ে৷ এই লৈ মুছাহৰীৰ এই বেংকৰ মেনেজাৰ চন্দ্ৰশেখৰ সিঙৰ লগত যোগাযোগ কৰাত তেওঁ এই বিষয়ে একো নাজানে বুলি দাবী কৰে৷ তেওঁৰ যুক্তি, ফিংগাৰ প্ৰিণ্ট প্ৰযুক্তি আৰু আধাৰ আইডেণ্টিটি প্ৰক্ৰিয়াৰ মাজেৰে সকলো লেনডেন হয়৷ তাৰ পাচত চিএছপি অপাৰেটৰে কি দৰে এই ঘটনা নাজানিলে তাকে লৈ প্ৰশ্ন উত্থাপন কৰে৷ বিষয়টো পোহৰলৈ অহাত সুশীল কুমাৰ নামৰ এই চিএছপি অপাৰেটৰৰে নিজক লুকুৱাবলৈ চেষ্টা কৰে৷ বিষয়টোৰ সন্দৰ্ভত মুজফফৰপুৰ জিলা প্ৰশাসনক যোগাযোগ কৰাৰ চেষ্টা কৰা হৈছিল৷ কিন্তু ফোন নধৰিলে৷ তদুপৰি মেছেজৰ উত্তৰো নিদিলে৷ এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে মুজফফৰপুৰৰ মুখ্য স্বাস্থ্য বিষয়া শৈলেন্দ্ৰপ্ৰসাদ সিঙে৷ তেওঁ কয়, জিলা প্ৰশাসনক বিষয়টো কোৱা হৈছে৷ তেওঁ এই বিষয়ত উদ্বেগ প্ৰকাশ কৰে৷ বিষয়টোক লৈ তেওঁক তদন্ত সমিতি গঠনৰ নিৰ্দেশ দিছে৷ ঋতুকালীন সময় বন্ধৰ পাচত কোনো মহিলাৰ পক্ষে সন্তান জন্ম দিয়া সম্ভৱ নহয় বুলি একমত চিকিৎসক৷ কেৱল লীলা দেৱীয়ে নহয় ৬৬ বছৰীয়া শান্তি দেৱী, ৫৯ বছৰীয়া ছাবিনা খাতুনসহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু মহিলাই এই অভিযোগ কৰিছে৷ এই ঘটনাৰ আঁৰত বৃহৎ দুৰ্নীতিৰ চক্ৰ জড়িত আছে বুলি বিভিন্ন মহলে মত প্ৰকাশ কৰিছে ৷

Leave A Reply