Breaking

লাহৰীঘাটৰ বৰছলাত থকা এটা ভেজাল ডিজেল প্ৰস্তুত কৰা কাৰখানা উৎখাত

0 1,532

মৰিগাঁও জিলাৰ  লাহৰীঘাট আৰক্ষীয়ে  যোৱা নিশা     এক গোপন খবৰৰ ভিত্তিত  অভিযান চলাই বৰচলা আৰক্ষী চকীৰ অন্তৰ্গত পলাহজুৰি গাঁৱৰ ভেজাল ডিজেল প্ৰস্তুত কৰা  কাৰখানাটো উৎখাতৰ লগতে এজন লোকক আটক কৰে ।  আৰক্ষীয়ে পলাহজুৰি গাঁৱৰ অভিযান চলাই আটক কৰা  ভেজাল পেট্ৰ’ল, ডিজেল প্ৰস্তুতকাৰীজনৰ নামৰ হান্নান উদ্দিন । ধৃত লোক জনৰ জিম্মাৰ পৰা  ভেজাল তেল ভৰ্তি ৩ ড্ৰাম , খালী ১২ টা খালী  ড্ৰাম ডাঙৰ,সৰু ১১ টা ড্ৰাম সহ কেমিকেল আৰু মিশ্ৰণৰ সা সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে । উল্লেখ্য যে হান্নানে  কেৰাচিন তেল সংগ্ৰহ কৰি তাত ৰাসায়নিক কেমেৰাকেল মিশ্ৰণ কৰি ভেজাল  ডিজেল , পে’ট্ৰল প্ৰস্তুত কৰি ৰমৰমীয়া বেহা চলাই আছিল। অবশেষত হান্নান উদ্দিনৰ অসাধু বেপাৰীজনত আৰক্ষীৰ জালত পৰিল ।

Leave A Reply