Breaking

এক দু সংবাদ ! অভিনেতা কিশোৰ দাসৰ দেহাৱসান

0 109

অভিনেতা কিশোৰ দাসৰ দেহাৱসান। চেন্নাই চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ অভিনেতাগৰাকীৰ। কৰ্কট ৰোগৰ আক্ৰান্ত আছিল অভিনেতাগৰাকী । শোক প্ৰকাশ কৰিছে ৰাজ্যবাসীয়ে । বহু কেইখন চিনেমাত অভিনয় কৰিছিল । অসমীয়া চিনেমাৰ জগতৰ বাবে এই দুখৱৰ।

জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ মৃত্যুৰ খবৰে বেদনাহত কৰি তুলিলে ৷ ৰাজ্যখনৰ এইগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন তৰুণ অভিনেতাৰ বিয়োগে এইমুহূৰ্তত সকলোকে বাকৰুদ্ধ কৰি তুলিছে ৷অসমবাসীৰ অতি মৰমৰ অভিনেতাগৰাকী দীৰ্ঘদিনে অসুস্থ হৈ আছিল যদিও তেওঁ সুস্থ হৈ উভতি অহালৈ বাট চাই আছিল সকলোৱে ৷

কিন্তু, নিয়তিৰ নিষ্ঠুৰ পৰিহাস ! আজি সকলোকে কন্দুৱাই আমাৰ মাজৰ পৰা বিদায় মাগিলে কিশোৰ দাসে ৷ এই সন্তাপ সহিবলৈ পৰিয়ালটোক নেদেখাজনে শক্তি দিয়ক, সাহস দিয়ক, তাকেই কামনা কৰিছে সকলোৱে ৷লগতে, অকালতে আমাৰ মাজৰ পৰা আঁতৰি যোৱা কিশোৰ দাসলৈ হৃদয়ৰ নিভৃত কোণৰ পৰা শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে অনুৰাগীয়ে ৷

Leave A Reply