Breaking

কৰিমগঞ্জত গৰু চোৰ কৰিবলৈ অহা বাংলাদেশী ৰাইজৰ প্ৰহাৰত মৃত্যু

0 1,061

 কৰিমগঞ্জ : ভাৰত-বাংলাদেশ সীমান্ত পাৰ হৈ অসমৰ কৰিমগঞ্জ জিলাত অবৈধভাৱে প্ৰৱেশ কৰি গাঁৱৰ পৰা গৰু চোৰ কৰিবলৈ অহা তিনিজন বাংলাদেশী নাগৰিকক শনিবাৰে নিশা ৰাইজে প্ৰহাৰ কৰি নিহত কৰে৷ আৰক্ষীয়ে এই কথা জনাইছে৷ কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণই এক লিখিত বিবৃতিত কয় যে পাথৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত বগৰীজান চাহ বাগিচাত কেতবোৰ অজ্ঞাত আততায়ীয়ে যোৱা নিশা তিনিজন সন্দেহজনক বাংলাদেশী নাগৰিকক হত্যা কৰে৷ অনুসন্ধান কৰি জানিব পৰা মতে এই বাংলাদেশী নাগৰিককেইজনে সীমান্ত পাৰ হৈ বগৰীজান এলেকাত গৰু চোৰ কৰিবলৈ প্ৰৱেশ কৰিছিল বুলি আৰক্ষী অধীক্ষকজনে লগতে কয়৷ আৰক্ষীয়ে জনোৱা মতে এই নিহত লোককেইজনৰ পৰা ৰচী, ফেঞ্চিং কাটাৰ আৰু তাঁৰৰ লগতে খাদ্য সামগ্ৰী উদ্ধাৰ কৰা হৈছে৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি আৰক্ষী অধীক্ষকজনে জনাইছে ৷

Leave A Reply