Breaking

ৰহাৰ এখন কালিকা লগা দলঙৰ; ১৮ বছৰতো সম্পূৰ্ণ নহল কপিলীৰদলংখন: তিনিবাৰ আধাৰ শিলা , দুবাৰ দলঙৰ কামৰ আৰম্ভণি , সমাপ্ত কেতিয়া ?

0 1,254

 ৰহা সমষ্টিৰ এখন পকী দলঙৰ নিৰ্মানত লাগিছে কালিকা । তিনিবাৰ হ’ল  আধাৰ শিলা , দুবাৰকৈ নিৰ্মানৰ শুভাৰম্ভ হ’ল  কিন্ত আজিও শেষ নহল । এই কালিকালগা দলং খন আছে চাপৰমুখ কচুৱাত । ভাৰতবৰ্ষৰ স্বাধীনতাৰ পূৰ্বতে শ্বিলঙত ৰাজধানী   থকাৰে পৰা  হৈ অহা দাবীৰ উপৰিও চাপৰমুখ-কচুৱা পাঘাটত ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ অন্তত নিৰ্মাণ কৰিব লোৱা কপিলী নদীৰ ওপৰৰ পকী দলং খন আজি ১৮ বছৰেও সম্পূৰ্ণ নোহোৱাত এক অবুজ সাথঁৰৰ সৃষ্টি হৈছে ৷২০০৩ চনত তদানিন্তন ৰহা সমষ্টিৰ বিধায়ক তথা   মন্ত্ৰী ডা. আনন্দ ৰাম বৰুৱাৰ কাৰ্যকালত তেতিয়াৰ গড় কাপ্তানি মন্ত্ৰী শৰৎ বৰকটকীয়ে  আধাৰশিলা স্থাপন কৰি ৰাইজৰ মাজত প্ৰসংশিত হৈছিল ৷আধাৰশিলা স্থাপন অনুস্থানত সেই সময়ৰ গড়কাপ্তানি বিভাগৰ মন্ত্ৰী শৰৎ বৰকটকীয়ে অতি দাম্ভিকতাৰে আগন্তুক ২০০৬ চনৰ বিধান সভা নিৰ্বাচনত এই দলঙৰ ওপৰৰে ভোট বিচাৰি যাব বুলি ৰাজহুৱা সভাত ঘোষনা কৰিছিল ৷আধাৰশিলা স্থাপনৰ দুবছৰৰ পাছত সমষ্টিৰ বিধায়ক গৰাকীয়ে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা বুলি পুনৰ এখন ৰাজহুৱা সভা পাতি ত্ৰিশ মাহৰ ভিতৰত দলংখনৰ নিৰ্মাণ কাৰ্য সমাপ্ত হব বুলি পুনৰ বিধায়ক গৰাকীয়ে ঘোষনা কৰে ৷১২/১ নম্বৰৰ বিশ্ব বেংকৰ আই আৰ ডি পি আঁচনিৰ অধীনৰ নাবাৰ্ডৰ ধনৰে প্ৰায় ৫ কোটি টকীয়া ১৪০ মিটাৰ দৈঘ্যৰ দলঙ খন নিৰ্মাণৰ ঠিকা লাভ কৰিছিল গুৱাহাটীৰ নেফচ্ ইণ্ডিয়া প্ৰাইভেট লিমিটেড নামৰ এটা নিৰ্মাণ কোম্পানীয়ে ৷এক বিয়াগোম প্ৰস্তুতিৰে দলঙ খনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাত অঞ্চলৰ ৰাইজৰ বহু বছৰীয়া আশাৰ এক বাস্তৱ ৰূপ পাব বুলি সকলোৱে সপোন দেখিছিল ৷কিন্ত কিছু দিনৰ পাছতে নেফছ ইণ্ডিয়াৰ নিৰ্মাণ কাৰ্য অতি লেহেমীয়া হব ধৰিলে ৷কোম্পানীটোৱে ২০০৮ বৰ্ষলৈকে মাত্ৰ নদীৰ গভীৰতাৰ দুটা খুটাৰ প্ৰায় ৬ মিটাৰ আৰু আন তিনিটা খুটাৰ ভিতৰত দুটা খুটাৰ সামান্য পৰিমাণৰ কাম কৰিয়েই নিৰ্মাণ কাৰ্য  বন্ধ কৰাত দলঙৰ কাম বন্ধ হয় ৷ ইফালে দলঙ নিৰ্মাণ কোম্পানীটোৰ পূৰ্বতে ধৰা নিৰিখ অনুযায়ী কাম কৰাৰ অপৰাগতা প্ৰকাশ কৰি কাম কৰাৰ পৰিবৰ্তে যন্ত্ৰপাতি সমূহৰ লগতে শিবিৰ সহ উঠাই লৈ যায় ৷দলঙখন নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰ গোষ্ঠীৰ ভেকো ভাওনাত ৰাইজৰ অসন্তুষ্ট আৰু ক্ষুব্ধ হৈ পৰে ৷   ২০০৬ চনত ৰহাত ৰাজনৈতিক পট পৰিবৰ্তন ঘটি ৰহা সমষ্টিৰ বিধায়ক হয় এ উই ডি এফৰ গুনেশ্বৰ দাস ।  ৫ বছৰ দলঙখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ ৰূপে বন্ধ হৈ থকাৰ পাছত ২০১১ চনত পুনৰ ৰহা সমষ্টিৰ বিধায়ক হয়  পীয়ুষ হাজৰিকা । সেই সময়ৰ ৰহা সমষ্টিৰ বিধায়ক পীয়ুষ হাজৰিকাই তেওঁৰ প্ৰচেষ্টাত ২০১৩-১৪ বৰ্ষৰ আনটাইড এচ চি এ -৩ আচঁনিৰ অধীনত ২০১৩ চনৰ ৩০ ডিছেম্বৰত  তেতিয়াৰ গড়কাপ্তানি আৰু নগৰ উন্নয়ন মন্ত্ৰী অজন্তা নেওগে দলঙ খনৰ পুনৰ বাৰ আধাৰশিলা স্থাপন কৰে ৷আনটাইড ফাণ্ডৰ ৯ কোটি টকা ব্যয়সাপেক্ষে দলঙখনৰ নিৰ্মাণৰ বাবে গুৱাহাটীৰ মডাৰ্ন কনষ্ট্ৰাকশ্বন নামৰ এটা কোম্পানীক দায়িত্ব অৰ্পন কৰে ৷ মন্ত্ৰী গৰাকীয়ে দলঙখনৰ নিৰ্মাণৰ কাম দুবছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও ২০১৩ ৰ পৰা ২০২১ বৰ্ষলৈকে প্ৰায় ৮ বছৰতো দলঙ খনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই ৷  ২০১৬ চনত ৰহাৰ বিধায়ক হল ডিম্বেশ্বৰ দাস ।  বিধায়ক দাসৰ কাৰ্য্যকালত  আগ নাবাহিল দলঙৰ কাম ।দলঙ খনৰ নিৰ্মাণৰ ক্ষেত্ৰত ঠিকাদাৰৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰী সকলৰ অমনোযোগিতাৰ  আৰু হেমাহিৰ বিৰুদ্ধে অঞ্চলৰ ৰাইজে আনকি গনতান্ত্ৰিক প্ৰতিবাদ সাব্যস্তও কৰিছিল ৷ৰাইজৰ প্ৰতিবাদক সন্মান জনাই জিলা উপায়ুক্তৰ লগতে বিভাগৰ ফালৰ পৰাও তৎপৰ হোৱা দেখা গৈছিল ৷ আনকি গড়কাপ্তানি বিভাগৰ সচিব আৰু সঞ্চালক গৰাকীয়েও পৃথকে – পৃথকে নিৰ্মাণস্থলী পৰিদৰ্শন কৰে ৷উচ্চপদষ্ট বিষয়া সকলক মডাৰ্ন কনষ্ট্ৰাকশ্বনৰ সত্বাধিকাৰী ৰাজ কুমাৰ আগৰৱালাই অতি চলাহী কথা কৈ নিৰ্দিষ্ট সময়ৰ ভিতৰত দলংখন নিৰ্মাণ কাম সমাপ্ত কৰিব বুলি কয় ৷পৰবৰ্তী সময়ত এই চতুৰ ঠিকাদাৰ গৰিকীয়ে আনকি গড়কাপ্তানি বিভাগক মেনেজ কৰি দলঙ খনৰ ডিজাইন সলনি কৰি পেলাইছিল ৷পকী দলঙ খন আইৰণ(বি অ জি)লৈ পৰিবৰ্তন কৰিছিল একমাত্ৰ ঠিকাদাৰ গৰাকীৰ স্বাৰ্থত ৷কিয়নো ঠিকাদাৰ ৰাজ কুমাৰ আগৰৱালা (ৰাজু)ৰ নিজা বি অ জি ৰ কাৰখানা আছে ৷ তৎচৰ্তেও ঠিকাদাৰ গৰাকীয়ে গড়কাপ্তানি বিভাগক অংগুস্ত দেখুৱাই নিজৰ খেয়াল খুচি মতেই কাম কৰি আছে ৷শেহতীয়াকৈ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী হোৱাৰ পাছত মন্ত্ৰী গৰাকীয়ে দলঙ খনৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয় ৷বিভাগীয় কৰ্তৃপক্ষৰ লগতে ঠিকাদাৰ গৰাকীক ১৫ আগষ্ট ভিতৰত দলঙৰ নিৰ্মাণ সমাপ্ত কৰিবৰ বাবে নিৰ্দেশ দিয়ে ৷ঠিকাদাৰ গৰাকীয়ে মন্ত্ৰীৰ কথাকো কেৰেপ নকৰি নিৰ্দেশ পোৱাৰ প্ৰায় এমাহ মান পাছত ৫-৬ টা মান লেবাৰৰ জৰিয়তে পুনৰ কাম আৰম্ভ কৰিছে যদিও মিস্ত্ৰীয়ে সামগ্ৰীৰ অভাৱত কাম বন্ধ কৰি ৰাখিব লগা হৈছে ৷ইফালে দলঙ খনৰ সংযোগী দুই মুৰৰ পথ চোৱা একাংশ নিৰ্মাণ কৰিয়ে টকা নিদিয়াৰ বাবে পথৰ মাটি যোগান ধৰা সকলে বন্ধ কৰি ৰাখিছে ৷ খৰালিৰ সময়ত মাটিৰ কাম নকৰি এই ভৰ বাৰিষা কি দৰে পথচোৱা নিৰ্মাণৰ কাম সমাপ্ত কৰি মন্ত্ৰীৰ নিৰ্দেশ মানিব সেয়া সময়েহে কব ৷উল্লেখ যোগ্য যে বৰ্তমানও দলঙ খনৰ প্ৰায় চল্লিশ শতাংশ কাম কৰিবলৈ বাকী আছে ৷ মন্ত্ৰীয়ে নিৰ্ধাৰিত কৰি দিয়া সময়ত দলঙ খন নিৰ্মাণৰ কাম সমাপ্ত নকৰিলে ঠিকাদাৰ ৰাজু আগৱালাৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া সময়েহে কব ৷ প্ৰথমখন অগপ চৰকাৰৰ দিনত তেতিয়াৰ গড় কাপ্তানি মন্ত্ৰী অতুল বৰাৰ  আঁচনি  নোহোৱাকৈ কৰা আধাৰ শিলাকে ধৰি তিনিবাৰ আধাৰ শিলা ,  ডা. আনন্দ ৰাম বৰুৱা ,পীয়ুষ হাজৰিকাৰ দিনত দুবাৰকৈ কামৰ শুভাৰম্ভ কৰা দলংখন কাম কেতিয়া শেষ হব সেইতো বহুলাখটকীয়া প্ৰশ্ন হৈ পৰিছে ।দলঙৰ কথা কৈ ভোটপোৱা এতিয়া ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে  কথা ৰাখিব পাৰিবনে সেইটোহে লক্ষনীয় হৈ পৰিছে ।প্ৰেৰক , বুলন চন্দ্ৰ নাথ ।ৰহা ।ছবি বাতৰিৰ লগত ।

Leave A Reply