Breaking

স্তন কৰ্কটত আক্ৰান্ত হোৱা এগৰাকী বলিউড অভিনেত্ৰী, কিন্তু, কেনেকৈ কৰ্কট ৰোগত আক্ৰান্ত হ’ল এইগৰাকী বহু চৰ্চিত তাৰকা?

0 172

অনুপম খেৰ বৰ্তমান ব্যস্ত তেওঁৰ ৫২৫ সংখ্যক ছবিৰ দৃশ্যগ্ৰহণৰ কামত৷ ছবি খনৰ দৃশ্যগ্ৰহণৰ বাবে আমেৰিকাত থকা অনুপম খেৰে মহিমা চৌধুৰীৰ বাবে লৈ আহিছে এক সুখবৰ৷ খেৰে তেওঁৰ নতুন ছবিত মহিমা চৌধুৰীক এটা চৰিত্ৰত অভিনয় কৰিবলৈ যোগাযোগ কৰিছে৷ অনুপম খেৰে তেতিয়াই তেওঁ গম পাইছিল যে মহিমা চৌধুৰী


স্তনৰ কৰ্কট ৰোগৰ চিকিৎসা কৰোৱাবলৈ আমেৰিকাতে আছে। বহু দিন ধৰি ডাঙৰ পৰ্দাৰ পৰা আঁতৰি থকা মহিমা চৌধুৰীয়ে এটা ভিডিঅ’ত প্ৰকাশ কৰিছে যে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত স্তন কৰ্কট ৰোগৰ চিকিৎসা কৰি আছে। তেওঁ লগতে কৈছে যে মহিমাই খেৰক খবৰটো জনাইছিল আৰু অনুপম খেৰে তেওঁক ছবিখনত এটা চৰিত্ৰৰ বাবে প্ৰস্তাৱ দিছে। মহিমাই খেৰক সুধিছিল যে তেওঁ ছেটটোত এটা উইগ পিন্ধিব পাৰিবনে? খেৰে সেই কথাত সন্মতি দিছিল অনুপম খেৰেও এটা ভিডিঅ’ত কৈছে “মহিমাক আপুনি মৰম, শুভেচ্ছা, প্ৰাৰ্থনা আৰু আশীৰ্বাদ প্ৰেৰণ কৰক।

তেওঁ পুনৰ ছেটলৈ উভতি আহিছে, য’ত তেওঁ এটা সময়ত আছিল৷ তেওঁ এতিয়া পুনৰ উৰিবলৈ সাজু !!” ভাল খবৰটো হ’ল যে মহিমা সুস্থ হৈ উঠিছে আৰু এতিয়া ভালে আছে। এই যুঁজত সাহসেৰে যুঁজ দিয়াৰ বাবে মহিমাক সকলোৱে শুভেচ্ছা জনোৱাৰ লগতে অভিনেত্ৰীগৰাকীক আকৌ এবাৰ পৰ্দালৈ উভতি অহা চাবলৈ অপেক্ষা কৰিছে৷

Leave A Reply