Breaking

মৰিয়নিত খৰস্ৰোতা নৈৰ সোঁতে উটুৱাই নিলে দলঙৰ এটা পাৰ

0 2,088

মৰিয়নিত নদীৰ খৰস্ৰোতা সোঁতে উটুৱাই নিলে এখন পকী দলঙৰ এটা পাৰ।মৰিয়নিৰ চিৰাখাটি নৈৰ পকীদলংৰ এটা অংশ উটুৱাই নিয়াত সীমান্তৰ্বতী দুলাল বৰুৱা পথত যোগাযোগ বিচিন্ন হৈ পৰিছে।নিশা নাগালেণ্ডত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত খৰস্ৰোতা নৈৰ পানীয়ে উটুৱাই নিয়ে দলংখন। সীমান্তৱৰ্তি এলেকা মৰিয়ানি নিউ সোণৱাল ৰ পৰা গাহৰী চোৱা হৈ তিতাবৰ বৰহোলা সংযোগী দুলাল বৰুৱা পথটোৰ চিৰা খাটি দলং খনৰ সন্মুখৰ বৃহৎ এটা অংশ উটুৱাই নিয়াত হাজাৰ হাজাৰ লোকৰ যোগাযোগ বিচিন্ন হৈ পৰিছে।

সীমান্তৱৰ্তী পথটোৱে নিউসোনোৱাল সীমান্ত নীৰিক্ষণ চকীৰ আৰক্ষী লোকসকলে উক্ত পথেৰে যাতায়ত কৰি আহিছে।সম্প্ৰতি দলং খন খহি যোৱাত অঞ্চলটোৰ ৰাইজ সমস্যাৰ সন্মুখীন হৈছে।

Leave A Reply