Breaking

বিশ্বনাথৰ ভানুপুৰৰ এটা সন্তানহীন দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়াল

0 1,646

দুৰ্ভগীয়া দৰিদ্ৰ দুই বৃদ্ধা পৰিয়ালৰ মূল উপাৰ্জনকাৰীৰ দুয়োজনেই জটিল ৰোগত আক্ৰান্ত হৈ এতিয়া শয্যাসায়ী।পানীত হাঁহ নচৰা অৱস্থা দুৰ্ভগীয়া বৃদ্ধা পৰিয়ালটোৰ।এইখন সমাজৰে আৰ্থিক দৈনতাই নিঃশেষ কৰিব খোজা এটা দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালৰ মূল উপার্জনকাৰী দুয়োজনেই আক্ৰান্ত হৈ পৰিছে জটিল ৰোগত ৷ ইটাখোলাস্থিত বালিজুৰি ভানুপৰৰ এই পৰিয়ালটিলৈ আহি পৰিছে ভয়ংকৰ দুৰ্যোগ তথা কাল অমানিশা ৷ পৃথক পৃথক জটিল ৰোগত আক্ৰান্ত পৰিয়ালৰ দুয়োগৰাকী উপার্জনকাৰী । পেশাত ৬০ বছৰীয়া চোম বাহাদুৰ লিম্বু আছিল দিন হাজিৰা কৰা এগৰাকী বৃদ্ধা আৰু পত্নী কালিমায়া লিম্বু (৫৯) প্ৰেচাৰ ষ্টক হৈ এখন হাত আৰু ভৰিও বিকল হৈ পৰে ।
দিন হাজিৰা কৰি সন্তানহীন দৰিদ্ৰ পৰিয়াল পোহপাল দিয়া চোম বাহাদুৰ লিম্বুৰ বৰ্তমান জটিল ৰোগৰ বাবে কাল অমানিশা নামি অহা পৰিলক্ষিত হৈছে।অতি অসহায় ভাবে চিকিৎসাৰ অভাৱত শুৱলৈকো কষ্ট পোৱাত দুই বৃদ্ধাই নিশাও উজাগৰে কটাই ঘৰতেই জীৱন মৃত্যুৰে যুজঁ দিছে দুই বৃদ্ধাই । মৃত্যুৰ সৈতে যুঁজী যুঁজী অতি যন্ত্ৰণাত দিন পাৰ কৰিছে ইটাখোলাস্থিত বালিজুৰি ভানুপুৰত এই দুই বৃদ্ধাই ৷ যোৱা দুই / আঢ়ৈ মাহ ধৰি ৬০ বছৰীয়া বৃদ্ধ চোম বাহাদুৰ লিম্বুৰ জটিল ৰোগত আক্ৰান্ত হৈ এখন ভৰি গেলি যোৱাত সম্পূৰ্ণভাবে বিকল হৈ পৰে ভৰিখন লগতে পত্নী কালিমায়া লিম্বু কাম কৰি থকা অৱস্থাত প্ৰচাৰ ষ্টক হোৱাত paralysis ৰোগত আক্ৰান্ত হৈ এখন হাত-ভৰি বিকল হোৱাত শয্যাশায়ী হৈ আছে । দুই / আঢ়ৈ মাহ ধৰি শয্যাসায়ী অৱস্থাত থকাৰ মাজত জটিল ৰোগৰ বাবে অপাৰেচন কৰাবৰ বাবে অৰ্থৰ অভাৱত উন্নত চিকিৎসা কৰাব নোৱাৰাত এনেদৰেই গাঁওবাসীৰ লগতে নিজৰ ঘৰতে সাৰথি কৰি লৈ শয্যাসায়ী অৱস্থাত আছে দুই বৃদ্ধাই । দুই বৃদ্ধাই বৰ্তমান ভৰি-হাত বিকল হোৱাত এতিয়া অৰ্থৰ অভাৱত চিকিৎসা কৰাব নোৱাৰাত অচল হৈ পৰিছে ।এতিয়া সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকে বিচাৰিছে সহায় ৷ঠিক সহায় বিচাৰিছে  বুলি ক’লে ভুল হ’ব ৷ তেওঁলোকে যেন জীৱন ভিক্ষা মাগিছে ৷ যদি কোনো হৃদয়বান ব্যক্তিয়ে সহায়ৰ বাবে আগ বাঢ়ি আহে তেন্তে পৰিয়ালটিক 9101668640 / 961307811 / 8822011625এই ম’বাইল নম্বৰত যোগাযোগ কৰি ষ্টেট বেংকৰ একাউন্ট নম্বৰ 36315290414 ,আই এফ এছ চি-এচ বি আই এন 0009142 নম্বৰত সহায় কৰিবলৈ অনুৰোধ জনাইছে৷

Leave A Reply