Breaking

কাৰ্বি আংলং জিলাৰ বোকাজানত এজন ক’ৰোনাত আক্ৰান্ত

0 38

বোকাজান

 ৰাজ্যত তীব্র গতিত বাঢ়িবলৈ ধৰিছে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা৷ এইবাৰ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ ডিলাইত ধৰা পৰিছে ক’ৰোনাত আক্ৰান্ত এজন যুৱকৰ। যুৱক জনৰ নাম প্ৰেম তামাং আৰু বয়স ২৪ বছৰ বুলি জানিব পৰা গৈছে। তেওঁ চেন্নাইত কৰ্মৰত আছিল আৰু বিশেষ ৰে’ল সেৱা যোগে ১৬ মে’ত গুৱাহাটীত উপস্থিত হয়৷ তাৰ পিছতে কাৰ্বি আংলঙৰ জিলা সদৰ ডিফুলৈ লৈ অনা হৈছিল যুৱকজনক। ডিফুৰ হোটেল সিংহাসনত কোৱাৰেণ্টাইনত ৰখা হৈছিল যুৱকজনক। যুৱকজনৰ সৈতে একেখন বাছতেই আন ৬ জন লোক আহিছিল আৰু তেওঁলোকক বৰ্তমান হোটেল সিংহাসনতেই কোৱাৰেণ্টাইনত ৰখা হৈছে । প্ৰেম তামাঙক  ইতিমধ্যে গুৱাহাটীৰ এমএমচিএইচত ভৰ্ত্তি কৰোৱা হৈছে।

Leave A Reply