Breaking

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এটা প্ৰতিনিধি দলৰ শিৱসাগৰ ভ্ৰমণ

0 1,549

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এটা প্ৰতিনিধি দলৰ শিৱসাগৰ ভ্ৰমণ। বিগত দিনা সন্ধিয়া শিৱসাগৰৰ নাজিৰা সীমান্তৱৰ্তী গেলেকী মুদি নগৰ চাহ বাগিচাত উপস্থিত হয়হি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ষ্টেফেন লাকৰা, সাধাৰণ সম্পাদক দেবেন ওৰাং, সাংগঠানিক সম্পাদক অমৰজ্যোতি চুৰিণ, নৃটিশ গড়কে ধৰি এটা প্ৰতিনিধি দল । মুদি নগৰ চাহ বাগিচাত সংগঠনটোৰ বিভিন্ন প্ৰান্তৰ পৰা আহি একত্ৰিত হোৱা বিষয়ববীয়া তথা কৰ্মী সকলে উষ্ম আদৰণি জনাই কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধিৰ দলটোক।

পৰৱৰ্তী সময়ত মুদি নগৰ মজদুৰ ক্লাবত জিলা সমিতি, আঞ্চলিক আৰু শাখা সমিতিৰ বিষয়ববীয়া তথা কৰ্মী সকলৰ সৈতে এক সাংগঠানিক কৰ্ম-কাৰ্য্যৰ ওপৰত আলোচনাত মিলিত হয় সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি দলটো। লগতে জিলা সমিতিৰ কৰ্ম-কাৰ্য্যক লৈ অসন্তুষ্টি হোৱা সংগঠনটোৰ আঞ্চলিক, শাখা সমিতিৰ কৰ্মী সকলে অভিযোগ কৰা বিষয়বস্তু সমূহক গুৰুত্ব সহকাৰে গ্ৰহণ কৰে কেন্দ্ৰীয় সমিতিয়ে।

কেন্দ্ৰীয় সমিতিয়ে অভিযোগ সমূহ নিষ্পত্তি কৰা হ’ব বুলি সংবাদ-মাধ্যমৰ জড়িয়তে ৰাইজক জানিব দিছে। সংগঠনটোৰ সাংগঠানিক দিশটো শক্তিশালী কৰাৰ লক্ষ্যৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই কাম কৰিছে বুলি কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দেবেন ওৰাঙে মন্তব্য কৰে।

Leave A Reply