Breaking

দেৰগাঁৱৰ আমনিপামৰ কৃষিভূমিত খৰালি সদৃশ পৰিৱেশ

0 1,070

ৰাজ্যৰ ঠায়ে ঠায়ে বৰষুণৰ পৰিমাণ বৃদ্ধি পাইছে যদিও বহু ঠাইত বৰষুণ কম হোৱাত পানীৰ অভাৱত শালি খেতিৰ  বাবে সমস্যাৰ সন্মুখীন হৈছে কৃষকসকল।আহাৰ মাহৰ পৰাই পথাৰত শালি খেতিৰ ভূই ৰোৱাৰ পৰ্ব আৰম্ভ হয় যদিও খুমটাই সমষ্টিৰ অন্তৰ্গত দেৰগাঁও ৰাজহ চক্ৰৰ আমনিপাম অঞ্চলৰ কৃষকে পানীৰ অভাৱত মূৰে কপালে হাত দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। পথাৰত খৰালি সদৃশ পৰিবেশৰ সৃষ্টি হোৱাত এগছি ভূই ৰুব পৰা নাই কৃষকে। পথাৰৰ কঠিয়া পথাৰতে শুকাবলৈ লৈছে।অঞ্চলটোৰ কৃষকৰ সুবিধাৰ বাবে  ২০১৪ চনতে উত্তৰ দলিজলীয়া আমনিপাম অঞ্চলত জলসিঞ্চন বিভাগৰ অগভীৰ নলীনাদ প্ৰকল্প স্থাপন কৰে  যদিও আজিলৈকে কৃষক সকলে সেই প্ৰকল্পৰ পৰা কোনোধৰনৰ উপকৃত নোহোৱাৰ অভিযোগ উত্থাপিত কৰিছে।সুবিধা থাকিও সেই সুবিধাৰ পৰা বঞ্চিত হোৱাত ৰাইজ এতিয়া ক্ষোভিত হৈ পৰিছে জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ।ৰাইজৰ অভিযোগ অনুসৰি অঞ্চলটোৰ বিশেষ এজন ব্যক্তিয়ে ব্যক্তিগত ভাবে নিজৰ প্ৰয়োজন অনুসৰি পানীযোগান প্ৰকল্পটোৰ পৰা সুবিধা গ্ৰহণ কৰি আছে অথচ প্ৰকৃত কৃষকৰ প্ৰয়োজনৰ সময়ত কোনো দিনেই পানী নাপায়। এইক্ষেত্ৰত বিভাগীয় লোকক যোগাযোগ কৰিলে পাইপ বেয়া হৈ থকাৰ অজুহাত দেখুৱাই।এনে পৰিপেক্ষিতত ১৭ জুলাইত আমনিপাম অঞ্চলৰ ভূক্তভোগী কৃষক সকল একগোট হৈ এক সভাৰ যোগেদি বিভাগীয় উৰ্দ্ধতম কতৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰেৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰে।ৰাইজৰ অভিযোগ অতি নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰা অগভীৰ নলীনাদ প্ৰকল্পটো দীৰ্ঘদিন ধৰি বিভাগীয় ভাৱে চোৱাচিতা নকৰাত মেৰামতিৰ অভাৱত পথাৰৰ পাইপলাইন সমুহ ঠায়ে ঠায়ে ছিন্ন বিছিন্ন হৈ পৰিছে।চৰকাৰী ধনৰ অপচয় কৰি বহু কেইজন কৰ্মচাৰী জড়িত হৈ থকা এই জলসিঞ্চন প্ৰকল্পটোক ৰাইজৰ উপকৃত হোৱাকৈ কাৰ্যক্ষম কৰি তুলিবলৈ ৰাইজে বিভাগীয় কতৃপক্ষক দাবী জনোৱাৰ লগতে খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াক এই বিষয়ে দৃষ্টি নিক্ষেপ কৰিবলৈ  আহ্বান জনাইছে।ইফালে আহাৰ মাহ পাৰ হৈ শাওন সোমালেহি অথচ পথাৰত এটুপিও পানী নথকাত কৃষি কৰ্মৰে জীৱন নিৰ্বাহ কৰা অঞ্চলটিৰ কৃষক সকল এতিয়া চিন্তিত হৈ পৰিছে ভৱিষ্যতৰ কথা ভাবি।

Leave A Reply