Breaking

ৰাজবংশী ছোৱালীক বিয়া কৰোৱাৰ বাবে এঘৰীয়া কৰিলে এটা পৰিয়ালক

0 621

ধুবুৰী জিলাৰ চাপৰ চক্ৰৰ অন্তৰ্গত শালকোচাৰ হাপাপাৰাৰ ৰাজু চক্ৰৱৰ্তীৰ যোৱা ৬ দিন পুৰ্বে মৃত্যু হৈছিল। শালকোছাৰ ৰাজু চক্ৰৱৰ্তী আছিল এজন ব্ৰাহ্মন সন্তান কিন্ত ৰাজুৱে এজনী ছোৱালী বিয়া কৰোৱাৰ বাৱেই ৰাজু চক্ৰৱৰ্তীক ব্ৰাহ্মন সমাজে এঘৰীয়া কৰিছিল।কেইদিন মান পূৰ্বে ৰাজুৰ মৃত্যু হয়। কিন্তু শালকোছাৰ প্ৰায় শতাধিক ব্ৰাহ্মন পৰিয়ালৰ কোনো এজন প্ৰাপ্ত বয়স্ক সদস্যয়ে ৰাজুৰ পৰিয়ালৰ দুখৰ সমভাগী নহল। উপায়ন্তৰ হৈ ৰাজুৰ পত্নী আৰু গাওঁৱাসীৰ উপস্থিতিত মৃতকৰ বিদেহী আত্মাৰ সন্তুষ্টিৰ বাবে আয়োজন কৰা বৈদিক নিয়ম কোচ ৰাজবংশী পৰম্পৰাৰে পালন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহন কৰিছে।


আনফালে মৃত্যুৰ ক্ষণ গণি থকা সময়ত ৰাজুৱে তেওঁৰ নিজ মাতৃক এবাৰ দেখা কৰিব বিছাৰিছিল কিন্তু তেঁওৰ মাতৃয়ে নিজ সন্তানক এবাৰৰ বাবে হলেও দেখা নকৰাৰ অভিযোগ উত্থাপন হৈছে।এতিয়া প্ৰশ্ন হয় কিমান নিষ্ঠুৰ হলে নিজ জন্মদাত্ৰী মাতৃয়ে নিজ পুত্ৰৰ মৃত্যুৰ সময়ত নিজৰ মুখখনি দেখুৱাৱলৈ এবাৰো নাহিব। সমাজত চলি থকা ব্ৰাহ্মন আৰু অব্ৰাহ্মনৰ এই কু-নীতি কেতিয়া পৰিহাৰ কৰি মানুহ হিচাপে নিজকে পৰিচয় দিব সেয়াহে আজিৰ তাৰিখত হৈ পৰিছে সকলোতকৈ ডাঙৰ প্ৰশ্ন।

Leave A Reply