Breaking

ধৰ্মপুৰ সমষ্টিৰ এজন পিতৃৰ কান্দি কান্দি চৰকাৰলৈ সহায়ৰ আহ্বান

0 94

সমগ্ৰ বিশ্বৰ আগত দুঃখবৰটি সম্প্ৰচাৰিত হোৱাৰ পিছৰে পৰাই শংকিত হৈ পৰিছে মানৱ জাতি। কি হ’ব পৃথিৱীৰ ভৱিষ্যত? ছোভিয়েট ইউনিয়নৰ পৰা ইউক্ৰেইন আদি দেশ ওলাই অহাৰ বাবেই পুটিনৰ খং উঠিছে নেকি ? নে ইউক্ৰেইন NATOৰ অন্তৰ্ভূক্ত হোৱাৰ বাবেই ছোভিয়েট ৰাছিয়াৰ খং উঠিছে। সেয়া লাগিলে যিয়েই নহওঁক সকলোৱে বিচাৰে শান্তিৰ পৰিবেশ সৃষ্টি হওঁক বিশ্বত।

নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ কোৰান আলী আৰু নুৰজাহান খাতুনৰ একমাত্ৰ পুত্ৰ সন্তান ২৪ বছৰীয়া নেকিবুৰ ৰহমান এজন মেডিকেলৰ ছাত্র। উল্লেখ্য যে তেওঁ মেডিকেলৰ এম. বি. বি. এচ পঢ়াৰ উদ্দেশ্যে ইউক্ৰেইনৰ চুমী ৰাজ্যত অধ্যয়ন কৰি আছে। আনহাতে, বৰক্ষেত্ৰী সমষ্টিৰ দমদমাৰ নুৰ আলম আৰু হাজো সমষ্টিৰ অন্তৰ্গত এজন ছাত্রও আবদ্ধ হৈ আছে যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত। অসহায় পিতৃ কোৰান আলীৰ কান্দি-কান্দি চৰকাৰলৈ সহায়ৰ আহ্বান উভতাই আনক তেওঁৰ একমাত্ৰ পুত্ৰ সন্তানটিক। পিছে অসম চৰকাৰ তথা ভাৰত চৰকাৰে ভাৰতীয় লোকসকলক নিজ দেশলৈ উভতাই অনাৰ ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ।

Leave A Reply