Breaking

ভৰিৰ ছালৰ যত্নৰ কেইটামান বিশেষ ঘৰুৱা উপায়…

0 222
  • গোটেই দিনটো খোজকাঢ়ি, কাম-বন কৰি আমি ভাগৰি পৰো। তেতিয়া অলপ গৰম পানীত নেমুৰ ৰস আৰু অলপ নিমখ দি ভৰি দুখন কিছুসময় জুবুৰিয়াই থ’ব। বহুখিনি আৰাম পাব। ভাগৰ পলাব লগতে ৰাতি সু-নিদ্ৰা হ’ব।
  • গোৰোহাৰ খহটা ছালখনত অকণমান নিমখ আৰু অলিভ অইলেৰে মিহলাই মালিচ কৰিব।

  • গা ধোৱাৰ সময়ত চাবোনেৰে ভৰিকেইটা ভালদৰে ঘঁহি ঘঁহি ধুই শুকান কাপোৰেৰে মচি গ্লিচাৰিণ আৰু গোলাপজল মিহলাই সানিব।
  • ভৰি দুখনৰ পতা কেতিয়াও বেছি সময় ভিজাকৈ নাৰাখিব। পতা আৰু আঙুলিৰ ফাঁকবোৰ ভিজা হৈ বেছি সময় থাকিলে ফাটিব বা সৰু সৰু পানী ঘাৰ দৰে হ’ব পাৰে।
  • পুৱা শুই উঠি খালী ভৰিৰে ঘাঁহনিত খোজকাঢ়িলে ভৰিৰ উপকাৰ হোৱাৰ বাহিৰেও আপোনাৰ চকুৰ বাবে বিশেষ লাভদায়ক হয়।

  • আপোনাৰ যদি ভৰি দুখন বেছিকৈ ঘামে তেন্তে চাবোন আৰু পানীৰে ধোৱাৰ পিছত শুকান কাপোৰেৰে মচি লৈ ‘চেলিচিলিক’ পাউডাৰ (ফাৰ্মাচীত পোৱা যায়) ভৰিৰ পতা আৰু গোৰোহাত খুউব ভালকৈ সানি ল’ব। ৫ মিনিটমান পাছত গৰম পানীত ফিটকিৰি মিহলাই ভৰি দুখন অলপ সময় ডুবাই ভালকৈ ধুই পেলাব। ভৰি ঘমা বহুতখিনি ভাল হ’ব।
  • সপ্তাহত ২/৩ বাৰ গৰম পানীত (সহ্য কৰিব পৰা) খোৱা চ’ডা মিহলাই ভৰি তিয়াই থওক। অলপ পিছতে কোমল হৈ আহিব আৰু আপুনি ভোলৰ জিম বা অন্য ডাঠ টাৱেল এখনেৰে ভৰিৰ গোৰোহা দুটা ঘঁহি ঘঁহি পৰিষ্কাৰ কৰিব পাৰিব।

  • বাতৰ বিষৰ কাৰণে যদি ভৰিৰ গাঁঠি বা ভৰিৰ অন্য অংশ ফুলি উঠি বিষ হয় তেন্তে নেমুৰ ৰস আৰু সমান জোখৰ নাৰিকল তেল মিহলাই সেই অংশটোত মালিচ কৰক। বিষৰ পৰিমাণ কমি আহিব।
  • ভৰিৰ নখবোৰ সুন্দৰকৈ কাটি পৰিষ্কাৰ কৰি ৰাখিব। ইচ্ছা কৰিলে নেইল পলিছৰ দ্বৰা ৰং সানি শুৱনিকৈ ৰাখক।

  • ভৰি দুখনক বিশ্ৰাম দিবৰ হ’লে বিছনাৰ কাষত মাটিত পাটি এখন পাৰি শুই, ভৰি দুখন ওখত ৰাখিবৰ বাবে বিছনাৰ ওপৰত দিয়ক। এনেকৈ ১৫ মিনিটমান সময় বিশ্ৰাম লওক। দেখিব ভাগৰ গুচি আপুনি নতুন উদ্যমেৰে ঘৰুৱা কাম-কাজত আকৌ ব্যস্ত হ’ব পাৰিছে।
Leave A Reply