Breaking

চানমাৰিত চলন্ত ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড, দপদপকৈ জ্বলি উঠিছে যাত্ৰীবাহী ৰে’লৰ ডবা…

0 74

মহানগৰীৰ চানমাৰিত চলন্ত ৰে’লত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড।

নামনিমুৱা যাত্ৰীবাহী ৰে’লত এই অগ্নিকাণ্ড সংঘটিত হৈছে। তথ্য অনুসৰি ট্ৰেইনখন বাংগালুৰৰ পৰা গুৱাহাটিলৈ ধুবলৈ অনা হৈছিল।

ৰে’লখনৰ ১২আৰু১৩ নং ডবাত অগ্নিকাণ্ড সংঘটিত হয়৷ সৌভাগ্যক্ৰমে ডবাত কোনো যাত্ৰী উপস্থিত নাছিল বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ বাবে এইমুহূৰ্তত আন ৰে’লৰ চলাচল ব্যাহত হৈছে।

অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ অব্যাহত ৰাখিছে প্ৰচেষ্টা৷ খবৰ অনুসৰি চৰ্ট চাৰ্কিতৰ ফলত জুইৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে।

Leave A Reply