Breaking

ধিঙৰ কটহগুৰী বজাৰত ভয়াবহ অগ্নিকাণ্ড, কোটি‌ টকাৰ‌ ৰাজহুৱা সম্পত্তি জুইত ভস্ম

0 74

নগাঁও জিলাৰ ধিঙৰ কটহগুৰী বজাৰত শনিবাৰে এক ভয়াবহ অগ্নিকাণ্ড সংগঠিত হয়।

জানিব পৰা মতে, কটহগুৰী বজাৰত গড়কাপ্তানী বিভাগ(পথ)ৰ দ্বাৰা বিশ্ববেংকৰ অৰ্থ সাহায্যৰে অসম কৃষি সমৰ্থ বৰ্ধক প্ৰকল্পৰ অধীনত নিৰ্মীত কটহগুৰী গ্ৰাম্য বজাৰ গৃহৰ ভিতৰত থকা মৰাঠাৰীত আজি প্ৰায় ১০.০০ বজাত জুইৰ সুত্ৰপাত হয়।

এই জুইয়ে লাহে- লাহে কটহগুৰী গ্ৰাম্য বজাৰ গৃহতো ছানি দৰে। জুই লাগি গৃহৰ টিনপাত ভস্মীভূত হয়। স্থানীয় ৰাইজে ধিং অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত প্ৰায় ২৫ মিনিট পলমকৈ অগ্নিনিৰ্বাপক বাহিনীৰ ২ খন গাড়ী আহি জুই নোমোৱাবলৈ সক্ষম হয়।

প্ৰায় কোটি‌ টকাৰ‌ ৰাজহুৱা সম্পত্তি‌ ভস্ম হয় বুলি স্থানীয় ৰাইজে জানিব দিয়ে। অৱশ্য এতিয়ালৈকে জুই লগাৰ কাৰণ জানিব পৰা হোৱা নাই।

Leave A Reply