Breaking

টেঙাখাতৰ মাজ মজিয়াত বিধংসী অগ্নিকাণ্ড।

0 1,996

ডিব্ৰুগড় জিলাৰ টেঙাখাত আৰক্ষী থানা অন্তগত টেঙাখাত মাজ মজিয়াত এক বিধংসী অগ্নিকান্দ সংঘটিত হয়৷জানিব পৰামতে আজি পিছ নিশা প্ৰায় ৩ মান বজাত টেঙাখাত মাজমজিয়াত থকা কেবাখনো দোকানক নিমিখতে জ্বলি শেষ হৈ যায় ৷এই বিধংসী অগ্নিকান্দ কি দৰে সংঘটিত হল বাতৰি লিখা লৈকে জানিব পৰা হোৱা নাই ৷আৰু লগে লগে অগ্নিনিৱাপন বাহিনী খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনী ঘটনা স্তলীত উপস্থিত হৈ টেঙাখাত আৰক্ষী লগতে স্থানীয় ৰাইজৰ সহযোগত জুই নুমিয়াবলৈ সক্ষম হয় যদিও ইতিমধ্যে সকলো জুইত জ্বলী শেষ হৈ যায়৷


প্ৰায় ১ কোটি কৈ অধিক সা-সম্পতি ক্ষতিসাধন হয়৷লগতে ঘটনাটো কি দৰে সংঘটিব পালে টেঙাখাত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

Leave A Reply