Breaking

ৰাজ্যৰ পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ মক্ৰত সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা…

0 101

ৰাজ্যৰ পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ মক্ৰত সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা। এই ঘটনাত ৪ জন লোক নিহত হৈছে। এজন গৃহৰক্ষী জোৱানৰ লগতে তিনিজন দুৰ্বৃত্ত নিহত হয়। নিহত গৃহৰক্ষী বাহিনীৰ জোৱানজনক বিদ্যাছিং লেকঠে বুলি চিনাক্ত কৰা হৈছে। ঘটনাত আন এজন জোৱানো আহত হয়।

ঘটনা অনুসৰি, খাচী দুৰ্বৃত্তই আৰক্ষীৰ টহলদাৰী দললৈ লক্ষ্য কৰি আক্ৰমণ চলায়। পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিডিঙৰ মুক্ৰত সংঘটিত হয় এই ঘটনা।

আৰক্ষী আৰু বনৰক্ষী বাহিনীয়ে চোৰাং কাঠভৰ্তি বাহন জব্দ কৰাৰ পিছতে সংঘাতৰ সৃষ্টি হয়। আৰক্ষীৰ গুলীত ট্ৰাকখনৰ চকা ফুটাৰ পিছত দুৰ্বৃত্তৰ দলে হাতে হাতে লাঠী, যাঁঠি-জোং লৈ আৰক্ষীৰ লোকক আক্ৰমণ কৰে। ঘটনাত নিহত খাচী দুৰ্বৃত্ত তিনিজনে চোৰাং কাঠ সৰবৰাহ কৰিছিল।

  

প্ৰায় তিনি শতাধিক লোকে আৰক্ষী আৰু বন বিভাগৰ দলটোক ঘেৰি ধৰিছিল । আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলীচালনাত কৰাত ৩ দুৰ্বৃত্ত নিহত হয়। আনহাতে, দুৰ্বৃত্তৰ আক্ৰমণত নিহত হয় গৃহৰক্ষী জোৱান বিদ্যাছিং লেকঠে।

Leave A Reply