Breaking

চিলাপথাৰৰ ডিমৌত বিজ্ঞানসন্মত ছাগলী পালনৰ পাঁচদিনীয়া ছাগলী পালন প্ৰশিক্ষণ…

0 60

চিলাপথাৰ ডিমৌত বিজ্ঞানসন্মত ছাগলী পালনৰ পাঁচদিনীয়া ছাগলী পালন প্ৰশিক্ষণ

বাল ৰক্ষা ভাৰতৰ ধেমাজি শাখা সমিতিৰ উদ্যোগত আৰু ধেমাজি জিলা পশু পালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত পাঁচদিনীয়া ছাগলী পালন প্ৰশিক্ষণৰ আজি সামৰণি পৰে। ডিমৌ গাওঁ পঞ্চায়ত কাৰ্য্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা ছাগলী পালন প্ৰশিক্ষণত ছাগলীৰ পালন কৰোঁতে দেখা দিয়া বিভিন্ন ৰোগৰ লক্ষ্যণ আৰু প্ৰতিকাৰৰ বিষয়ত চিমেন চাপৰি অসম ৰাজ্যিক পশু চিকিৎসালয় পশু চিকিৎসক ডাঃ ভাস্কৰ কলিতা, অকাজান অসম ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসক ডাঃ সমীৰ বিকাশ গগৈ, পিপ’লগুৰী অসম ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসক ডাঃ ঘনকান্ত দলেয়ে প্ৰশিক্ষণ আগবঢ়ায়।

পশু চিকিৎসক সকলে উন্নত আৰু বিজ্ঞানসন্মত পদ্ধতিত ছাগলী পালন কৰিবলৈ ছাগলী পালক সকলে ছাগলীৰ পেটফুলা,নিউমনিয়া,চৰ্দি,জ্বৰ,পেলু,লিভাৰ, ফাপৰে আদি ছালৰ ৰোগৰ লক্ষণ আৰু ইয়াৰ প্ৰতিকাৰৰ বাবে লবলগীয়া চিকিৎসা, প্ৰতিপালন আদি দিশত বিজ্ঞানসন্মত আৰু প্ৰণালীৱদ্ধ প্ৰশিক্ষণ আগবঢ়ায়‌।ডিমৌ আৰু চিমেনমুখ গাওঁ পঞ্চায়তৰ পছিশ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা পাঁচদিনীয়া ছাগলী পালন প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি বেচৰকাৰী, সামাজিক সংগঠন বাল ৰক্ষা ভাৰতৰ ধেমাজি শাখা সমিতিৰ কমিউনিটি মবাইলাইজাৰ ধৰ্মৰাজ কাৰ্কিয়ে কয় নকিয়াৰ উদ্যোগত ৰূপায়ণ কৰি কৰি থকা ডিজিটেল ইনক্লুছিভ প্ৰকল্পৰ অধীনত চিচিবৰগাঁও উন্নয়ন খণ্ডৰ ডিমৌ, চিমেনমুখ, চিলাসূঁতি,মুক্তিয়াৰ, কুলাজান,অকাজান গাওঁ পঞ্চায়তৰ ওঠৰখন গাওঁ আৰু মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ ৰামধন দিখাৰী, মিছামৰা, লাইমেকুৰী, তেলাম গাওঁ পঞ্চায়তৰ বাৰখন গাঁৱত নকিয়াৰ উদ্যোগত  ডিজিটেল ইনক্লুছিভ প্ৰকল্পৰ কাম ৰূপায়ণ কৰি কৰি থকা হৈছে।

বাল ৰক্ষা ভাৰতৰ ধেমাজি শাখাই এই প্ৰকল্পৰ অধীনত সামৰি লোৱা প্ৰতিখন গাঁৱত শৈক্ষিক পৰিৱেশ উন্নত গঢ় দিয়াৰ লক্ষ্যৰে কম্পিউটাৰ শিক্ষা,মৌলিক আৰু দ্ৰুত শিক্ষা ব্যৱস্থা, স্কুল এৰা পাছত আনুসংগিক শিক্ষা,জলপানী আদি আঁচনি প্ৰস্তুত কৰি ৰূপায়ণৰ কাম চলাই থকা হৈছে বুলি উনুকিয়াই সেইধৰণে গাওঁ অঞ্চলত চৰকাৰৰ অভিলাষী আঁচনিৰ ওপৰত সজাগতা বৃদ্ধি, ডিজিটেল বেংকিং ব্যৱস্থাপনাৰ জৰিয়তে গাওঁৰ ৰাইজৰ উপকৃত কৰা পদক্ষেপ লোৱা হৈছে বুলি বক্তব্য ৰাখি ডিজিটেল ইনক্লুছিভ প্ৰকল্পৰ অধীনত জীৱন-জীৱিকাৰ পথ সুগম কৰি তুলিবলৈ কৃষি, পশু পালন, উদ্যান শস্য, মীন আদি কৃষিক্ষেত্ৰৰ আধুনিকীকৰণ, বিজ্ঞানসন্মত কৃষি পদ্ধতিৰে কেনেকৈ কৃষক তথা পশু পালক সকলে আয় উপাৰ্জনৰ জৰিয়তে স্বাৱলম্বী হব পাৰি আৰু বহনক্ষম উন্নয়নৰ ধাৰা নিৰ্মাণৰ পদক্ষেপ লৈ থকা হৈছে বুলি উল্লেখ কৰি অহা ২০ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈ বাল ৰক্ষা ভাৰতৰ ধেমাজি শাখা সমিতিৰ উদ্যোগত আৰু ধেমাজি জিলা পশু পালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত ডিমৌ গাওঁ পঞ্চায়ত কাৰ্য্যালয়ত দ্বিতীয়লানি ছাগলী পালন প্ৰশিক্ষণ দিয়া হব বুলি জানিবলৈ দিয়ে।অনুষ্ঠানত বাল ৰক্ষা ভাৰতৰ ধেমাজি জিলা শাখাৰ বিষয়ববীয়া দিলিপ মিলি, হাস্না মিপুন, জিএনএছএমৰ উপ সভাপতি গন্ধেশ্বৰ গগৈ, সহকাৰী সাধাৰণ সম্পাদক ফনীধৰ দ্বাৰিক উপস্থিত থাকে।

শম্ভু দাস চিলাপথাৰ

ধেমাজি

Leave A Reply