Breaking

আৱৰ্জনাৰ পাহাৰ সদৃশ নলবাৰীত এটা দুৰ্গন্ধময় অঞ্চল

0 2,034

নলবাৰী চহৰৰ উত্তৰ পাৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এটা অঞ্চল। নলবাৰী গণেশ মন্দিৰৰ পৰা প্ৰায় দুই মিটাৰ মান নিলগৰ পাগলদিয়া নদীৰ কাষত থকা অঞ্চলটো পৰিনত হৈছে আৱৰ্যনাৰ পাহাৰ সদৃশ পৰিবেশৰ।লগতে এই আৱৰ্জনাৰ পৰা ওলোৱা দূৰ্গন্ধয় গোটেই অঞ্চলটোয়ে প্ৰদূষিত কৰি তুলিছে।নিকটৱৰ্তী গাওঁ সমূহত থকা লোকসকলে এই স্থানীয় সমস্যটোক লৈ চিন্তিত হৈ পৰিছে।কিয়নো,এই স্থানীয় সমস্যাটোৱে সময়ত আঞ্চলিক আৰু গোলকীয় সমস্যাত পৰিনত হব পাৰে।এই অঞ্চলটোৰে গাড়ীৰে অতিক্ৰম কৰি গলেও নাক বন্ধ কৰিহে যাব লগা হয়।লগতে পৰিলক্ষিত হয় যে স্থানিয় লোকৰ বহুতো জীৱ-জন্তু গৰু-ছাগলী আদিয়ে এই দূষিত তথা অপৰিস্কাৰ সামগ্ৰী বোৰ ভক্ষন কৰিছে।যিটোৱে এই জীৱকুললৈ অশানি সংকেট কঢ়িয়াই আনিছে।কিন্তু এই ক্ষেত্ৰত স্থানীয় প্ৰশাসন তথা পৌৰ সভাৰ এক গুৰুত্বপূৰ্ন ভুমিকা বহন কৰিব লাগিছিল যদিও তেনে ভূমিকা লোৱা পৰিলক্ষিত হোৱা নাই।নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপত কৃষ্ণচূড়া,ৰাধাচূড়া আদি গছপুলি ৰূপোন কৰি যি এক নান্দনিক পৰিৱেশৰ সপোন ৰচিছে এই পৰিৱেশে যে সেই সপোন বাস্তৱত ৰূপায়ন নকৰে বুলি বিভিন্ন মহলত চৰ্চিত হৈছে।

Leave A Reply