Breaking

নলবাৰীৰ এদল মহিলা ড্ৰাগছ বিৰোধী অভিযানত

0 2,042

নলবাৰীৰ বিভিন্ন ঠাইত চলি থকা ড্ৰাগছ তথা বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে নলবাৰী জিলা প্ৰশাসন তথা নলবাৰী জিলা স্বাস্থ্য বিভাগে চলাই গৈছে তালাচী অভিযান কিন্তু প্ৰশানৰ এনে তালাচী অভিযানক আঙুষ্ঠ প্ৰদৰ্শন কৰি বিভিন্ন জনে চলাই গৈছে ড্ৰাগছ,মদ,ভাংঙকে ধৰি বিভিন্ন ধৰনৰ নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা। নলবাৰী ত ইতিমধ্যে নিচাজাতীয় সামগ্ৰী সেৱন কৰি বহুতো যুৱক-যুৱতী মৃত্যু বৰণ কৰিছে তেনে এক অনুৰূপ ঘটনা সংঘটিত হৈ গল যোৱা মাঘ বিহুৰ উৰুকাৰ দিনা উৰুকাৰ দিনা নলবাৰী গোপাল বজাৰ নিবাসী অনিল তালুকদাৰ আৰু ৰেখা তালুকদাৰৰ একমাত্ৰ পুত্ৰ ভাস্কৰ তালুকদাৰ ড্ৰাগছ আসক্ত হৈ মৃত্যু বৰণ কৰিব লগীয়া হৈছিল। সেয়েহে আজি নলবাৰী গোপাল বজাৰ আৰু অন্য অঞ্চলৰ প্ৰায় শতাধিক মহিলা লগ হৈ ড্ৰাগছ বিৰুদ্ধে ওলাই আহি এখন ড্ৰাগছ বিৰোধী সজাগতা সভা আমন্ত্ৰণ কৰে । এই অঞ্চলত চলি থকা বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহাৰ বিৰুদ্ধে সাংবাদিকৰ আগত ক্ষোভ উজাৰি অতি শীঘ্ৰে নলবাৰী জিলা প্ৰশাসন আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ খনক অতি শীঘ্ৰে ড্ৰাগছ আৰু অন্য নিচাজাতীয় সামগ্ৰী সমূহ নিৰ্মূল কৰিবলৈ স্থানীয় মহিলাই দাবী জনায়। লগতে সভা খনৰ অন্তত ড্ৰাগছ নিৰ্মূল কৰক , ড্ৰাগছ ব্যৱসায়ী সকল হুচিয়াৰ আদি শ্লোগানেৰে সভা স্থলী উত্তাল কৰি তোলে।

Leave A Reply