Breaking

জাতীয় পতাকা প্ৰস্তুতিকৰণত ব্যস্ত যোগীঘোপাৰ আত্মসহায়ক গোটৰ এদল মহিলা

0 1,605

ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ জাতীয় পতাকা প্ৰস্তুত কৰাত ব্যস্ত মহিলা।জাতীয় পতাকা প্ৰস্তুতিকৰণত ব্যস্ত যোগীঘোপাৰ আত্মসহায়ক গোটৰ এদল মহিলা।অসমত এইবাৰ প্ৰয়োজন হ’ব ৮০ লাখ জাতীয় পতাকা।ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশজুৰি অনুষ্ঠিত হ’ব স্বাধীনতাৰ অমৃত মহোৎসৱ৷

আজাদী কা অমৃত মহোৎসৱ পালনৰ জৰিয়তে এইবাৰ “হৰ ঘৰ তিৰংগা” কাৰ্যসূচী গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ে। জন অংশীদাৰিত্বৰে ‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচী সফলমণ্ডিত কৰাৰ বাবে ইতিমধ্যে প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক আহ্বান জনাইছে ৷ আনহাতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজাদী কী অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ১৩ আগষ্টৰ পৰাই পদূলিয়ে পদূলিয়ে ত্ৰিৰংগ পতাকা উৰুৱাবলৈ আহ্বান জনাইছে ৰাজ্যবাসীক। সেয়েহে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ যোগীঘোপাতো ইয়াৰ ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে৷

এতিয়া ঘৰে ঘৰে মহিলাসকল ব্যস্ত হৈ পৰিছে তিনি বৰণীয়া জাতীয় পতাকা চিলোৱাত। যোগীঘোপাৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত আত্মসহায়ক গোটৰ একাংশ মহিলাই পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা নিৰ্মাণ কৰিবলৈ পাই যথেষ্ট আনন্দিত বুলি উল্লেখ কৰে।

যোগীঘোপাৰ পৰা জাহিৰুল ইছলামৰ প্ৰতিবেদন

Leave A Reply