Breaking

চৰাইদেউৰ সাপেখাতীত সংঘটিত হ’ল এক জঘণ্য কাণ্ড

0 2,015

চৰাইদেউৰ সাপেখাতীত সংঘটিত হ’ল এক জঘণ্য কাণ্ড ৷ পাষান পিতৃৰ কামনাৰ বলি হ’ল এগৰাকী ১৪ বছৰীয়া কিশোৰী ৷ অসম অৰুণাচল সীমান্তৱৰ্তী চৰাইপুঙ আৰক্ষী থানা এলেকাৰ নগাহাট ডাবলু হাবি গাওঁত সংঘটিত হৈছে এই জঘণ্য কাণ্ড । পাষাণ পিতৃ চিমন ধনি (৫৮) য়ে নিজা তোলনীয়া কন্যাৰ ওপৰত চলাইছিল নিৰ্যাতন ৷ ঘৰত কোনো নথকাৰ মুহুততেই পাষান পিতৃয়ে কন্যাৰ ওপৰত চলাই আহিছিল নিৰ্যাতন ৷ কিশোৰী গৰাকী স্বাস্থ্যৰ কিছু অৱনতি ঘটাত মাতৃয়ে ১ অক্টোবৰত সাপেখাতীত স্বাস্থ্য পৰীক্ষা কৰাত চিকিৎসকে কিশোৰী গৰাকী ৭ মাহৰ অন্তসত্বা বুলি জানিব দিয়াত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে ৷ উক্ত দিন ধৰি সম্প্ৰতি পলাতক হৈ আছে পাষান পিতৃ গৰাকী । কিশোৰীগৰাকীৰ ন্যায় বিচাৰি পত্নীয়ে কাষ চাপিব আৰক্ষীৰ ৷

Leave A Reply