Breaking

বৰপেটাৰোডৰ জাখলিবিলত সংঘটিত এক জঘন্য হত্যাকাণ্ড

0 2,018

নামনি অসমৰ বাণিজ্যিক প্ৰধান চহৰ বৰপেটাৰোডত এটি কিশোৰৰ হত্যা কাণ্ডৰ ঘটনাই নামনি অসমৰ জনগণৰ মাজত তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে। এটি কণমানি কিশোৰক হত্যা কৰি পেলাই থৈ যোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে এটি পুখুৰীত ৷স্থানীয় ৰাইজৰ অভিযোগ  মতে গাওঁখনৰ এটি পুখুৰীত উদ্ধাৰ হোৱা মৃতদেহটো হৈছে নজৰুল হকৰ এঘাৰ বছৰীয়া পুত্ৰ মফিজুল হক ৷মৃত মফিজুল হক আদৰ্শ জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ আছিল ৷ যোৱাকালি সন্ধিয়াৰ পৰায়ে মফিজুল নিখোজ হৈ থকাৰ পিছত স্থানীয় ৰাইজে পুখুৰীটোত ছাত্ৰজনৰ  মৃতদেহটো প্ৰত্যক্ষ কৰে ৷আনহাতে, স্থানীয় ৰাইজ তথা পৰিয়ালৰ লোকে  কৰা অভিযোগ কৰা মতে এই হত্যাকাণ্ড  ছফিকুল ইছলাম আৰু ৰফিকুল ইছলাম নামৰ দুই ভাতৃয়ে সংঘটিত কৰিছে ৷দুয়োকে ইতিমধ্যে ৰাইজে আটক কৰি শিমলুগুড়ী আৰক্ষীক গটাই দিয়ে ৷বৰপেটাৰোডৰ সমীপৰ বিটিআৰৰ বাকসা জিলাৰ  শিমলাগুড়ী আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া আকাশ ৰায়ৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো পানীৰ পৰা উদ্ধাৰ কৰাৰ লগতে হত্যাকাণ্ডটোৰ সম্পৰ্কত অনুসন্ধান আৰম্ভ কৰিছে 

Leave A Reply