Breaking

উত্তৰ প্ৰদেশত ঘটিল ভয়াৱহ ঘটনাঃ যাত্ৰা নাটত অসুৰ বধ কৰাৰ সময়তে কিশোৰৰ মুণ্ডচ্ছেদ কৰিলে মা কালীৰূপী অভিনেতাই!

0 16

ভাবিবলৈয়ো ভয় লগা এক ঘটনা বহুতৰে চকুৰ সন্মুখতে ঘটি গ’ল। উত্তৰ প্ৰদেশৰ এখন গাঁৱৰ যাত্ৰাপাৰ্টীত অসুৰ বধ কৰিবলৈ গৈ কিশোৰৰ মুণ্ডচ্ছেদ কৰিলে মা কালীৰূপী আন এজন কিশোৰে। নাটকত মাক কালীৰ ৰূপত অভিনয় কৰিছিল এজন কিশোৰে। মা কালীৰ ভাও লোৱা সেই কিশোৰজনেই উত্তেজনাৰ মাজতে অসুৰ বধ কৰিবলৈ গৈ অসুৰৰ ভাও লোৱা আন এজন কিশোৰৰ ডিঙিত ডাৰে ঘপিয়াই দিয়ে। এই শিহৰণকাৰী ঘটনাটো উত্তৰ প্ৰদেশৰ কানপুৰৰ এখন গাঁৱত সংঘটিত হৈছে। ভাগৱত কথা প্ৰদৰ্শনৰ সময়ত অসুৰৰ চৰিত্ৰত অভিনয় কৰি থকা কিশোৰজনক কালীৰূপী কিশোৰজনে হত্যা কৰে। আঘাতপ্ৰাপ্ত কিশোৰজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

ঘটনাটো কানপুৰৰ বিলহাউৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত বামভিয়াপুৰ গাঁৱত সংঘটিত হৈছে। ভাগৱত কথা উপলক্ষে গাঁৱখনত যাত্ৰা নাটৰ আয়োজন কৰা হৈছিল। কেইবাজনো নাবালক আৰু কিশোৰে নাটকত অংশগ্ৰহণ কৰিছিল। যাত্ৰা পাৰ্টীৰ নাট খন গাঁও খনৰ বাসিন্দা সুভাষ চাইনীৰ ঘৰত আয়োজন কৰা হৈছিল। ইপিনে অভিনয় কৰা কিশোৰৰ হাতত কিয় চোকা অস্ত্ৰ তুলি দিয়া হৈছিল তাকে লৈ প্ৰশ্ন উত্থাপিত হৈছে। গাওঁবাসীয়ে কৈছে যে তেওঁক এটা ভোঁতা শিলহে ব্যৱহাৰ কৰিবলৈ কোৱা হৈছিল। অৱশ্যে, কিশোৰজনে অৱশেষত তেওঁৰ ঘৰলৈ গৈ ঘৰৰ পৰা দা এখন লৈ আহিছিল। সেই দা খনৰেই তেওঁ অসুৰৰূপী কিশোৰজনৰ ডিঙিত আঘাত কৰিছিল। গাওঁবাসীসকলে এনে দৃশ্য দেখি হতবাক হৈ পৰিছিল। ইফালে এই ভয়াৱহ খবৰটো পোৱাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে। অনুষ্ঠানটোৰ আয়োজকসকলৰ ভূমিকাকলৈয়ো বহুতে প্ৰশ্ন উত্থাপন কৰিছে। বহুতে প্ৰশ্ন কৰিছে “কিশোৰজনক সঁচা দা লৈ মঞ্চলৈ যাবলৈ কিয় অনুমতি দিয়া হৈছিল? কোনেও তেওঁক কিয় বাধা দিয়া নাছিল? বিলহাউৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কেশৱ তিৱাৰীয়ে কয় যে ঘটনাটোৰ তদন্ত চলি আছে।

Leave A Reply