শিৱসাগৰৰ মেজেঙ্গাস্থিত অ’এনজিচিৰ মডেল ষ্টৰত পিঞ্জৰাবদ্ধ এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ

মেজেঙ্গাস্থিত অ’এনজিচিৰ মডেল ষ্টৰত পিঞ্জৰাবদ্ধ এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ। অঞ্চলটোত আৰু অধিক বাঘ থকাৰ সন্দেহ স্থানীয় ৰাইজৰ।


শিৱসাগৰৰ নাজিৰা মেজেঙ্গাত দীৰ্ঘদিন ধৰি পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘটোৱে সন্ত্ৰাস চলাই অহাৰ অভিযোগ ৰাইজৰ।
বিহুবৰ খণ্ড বন বিভাগৰ তৎপৰতাত আজি পুৱতি নিশা পিঞ্জৰাবদ্ধ হয় নাহৰফুটুকী বাঘটো।


নিগম আৰু ৰাইজৰ অভিযোগৰ ভিত্তিত বিহুবৰ খণ্ড বন বিষয়া ৰাজু দাসৰ নেতৃত্বত মেজেঙ্গাস্থিত অ’এনজিচিৰ মডেল ষ্টৰত কিছু দিনৰ পূৰ্বে পিঞ্জৰা পাতি ৰখা হৈছিল।অৱশেষত অঞ্চলটোত দীৰ্ঘদিন ধৰি ত্ৰাস সৃষ্টি কৰি অহা বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় বন বিভাগে।

Related Articles