Breaking

মায়ঙৰ সতীভেটি শ্ৰী শ্ৰী সোণাৰাম সেৱাশ্ৰমত গুৰুজনাৰ জন্ম জয়ন্তী উপলক্ষে বিশাল শোভাযাত্ৰা…

0 27

২০০২ চনতে স্থাপন হোৱা শ্ৰী শ্ৰী সোণাৰাম দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হৈছে পৰমাৰ্থ গুৰুজনা শ্ৰী শ্ৰী সোণাৰাম তালুকদাৰ দেৱৰ শততম্ জন্ম জয়ন্তী। আজিৰে পৰা আৰম্ভ হোৱা অনুষ্ঠান পুৱা মন্দিৰৰ পৰা বাহিৰ কৰা হয় এক বিশাল ভাগৱত শোভাযাত্ৰা । কেইবাশতাধিক ভক্ত প্ৰাণ ৰাইজে অংশগ্ৰহণ কৰা এই শোভাযাত্ৰাত হৰি নামেৰে মুখৰিত হৈ পৰে মায়ঙৰ আকাশ বতাহ।

বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা গুৰুজনাৰ জন্ম জয়ন্তীৰ আজি সন্ধিয়া অনুষ্ঠিত হ’ব বিভিন্ন সাংস্কৃতিক অনুষ্ঠান । লগতে আজিৰে পৰা অনুষ্ঠানৰ লগত সংগতি ৰাখি আমন্ত্ৰিত নাট্য দলৰ দ্বাৰা নাট প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে উদ্যোক্তা সকলে। সন্ধিয়াৰ সাংস্কৃতিক বিষেশ আকৰ্ষণ থাকিব অসমৰ আগশাৰীৰ কেবাজনো জনপ্ৰিয় কন্ঠ শিল্পীৰ গীতৰ শৰাই।​

Leave A Reply