Breaking

খটখটিত বৃহৎ সংখ্যক নিচা জাতীয় টেবলেটসহ আটক ১

0 59

বোকাজান 

প্ৰায় চাৰি দিন পূৰ্বে নগালেণ্ড সীমান্তৰ খটখটি আৰক্ষীৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ নিয়মীয়া তালাচীত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰাৰ পাছত বুধবাৰৰ নিশা খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মবালিক ব্ৰহ্মই লাহৰিজান সীমান্তৰ দুদু কলনিত অভিযান চলাই পুনৰ ২৯ হাজাৰ স্পাম’ প্ৰক্সিভম নামৰ নিচা জাতীয় টেবলেটসহ ডিমাপুৰৰ অৰুণ দেৱবৰ্মা নামৰ এজন লোকক আটক কৰে। আৰক্ষী সূত্ৰই জনোৱা মতে লাহৰিজানৰ দুদু কলনিত এক চোৰাং চক্ৰই  স্থানীয় আলি উপাধিৰ এজন লোকৰ সহযোগত বৃহৎ সংখ্যক নিচা জাতীয় টেবলেট সৰবৰাহৰ খবৰ লাভ কৰে আৰক্ষী বিষয়া মবালিক ব্ৰহ্মাই। তেনে খবৰৰ ভিত্তিত আৰক্ষী বিষয়া গৰাকীৰ নেতৃত্বত উক্ত অঞ্চলত অভিযান চলাই প্ৰায় ৫ লক্ষাধিক মূল্যৰ নিচা জাতীয় টেবলেট উদ্ধাৰ কৰি ধৃত লোকজনক আটক কৰে৷ ইফালে আৰক্ষীৰ অভিযান কালত স্থানীয় আলি উপাধিৰ লোকজন আৰু ডিমাপুৰৰ আনজন লোক পলাই যাবলৈ সক্ষম হয়।

Leave A Reply