Breaking

পংখী সন্দিকৈ হত্যাকাণ্ডই ন্যায় লাভ কৰিবনে ?

0 41


শিৱসাগৰ জিলাৰ নিতাইপুখুৰীৰ মেধাবী ছাত্ৰী পংখী সন্দিকৈ হত্যাকাণ্ডই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে বিভিন্ন দল-সংগঠন তথা সচেতন নাগৰিকৰ মাজত আৰক্ষীৰ অতি ৰহস্য জনক ভূমিকাক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে৷ অসমৰ স্মাৰ্ট আৰক্ষীৰ একাংশ আৰক্ষী বিষয়াৰ প্ৰকৃত চৰিত্ৰ কেনে তাক লৈ ৰাজ্যৰ একাধিক দল-সংগঠনে আজি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ উল্লেখ্য যে শিৱসাগৰ মহাবিদ্যালয়পৰা ইংৰাজী বিষয়ত মেজৰ লৈ প্ৰথম শ্ৰেণী স্নাতক ডিগ্ৰীধাৰী তথা এগৰাকী আবৃত্তিকাৰ , মডেল , অভিনেত্ৰী , ঘোষক হিচাপে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা পংখী সন্দিকৈ নামৰ ২২ বছৰীয়া ছাত্ৰীগৰাকীয়ে যৌৱনৰ সপোন পূৰণ নোহওঁতে স্বামীৰ ভাড়াঘৰত ৰহস্যজনক পৰিস্থিতিত মৃত্যুক সাৱটিবলগা হোৱা ঘটনাই ৰাজ্যৰ লাখ লাখ লোকক আজিও ম্ৰিয়মাণ কৰি তুলিছে৷ ইফালে পংখী সন্দিকৈ মৃত্যুক লৈ নিতাইপুখুৰী আৰু ডিমৌবাসী ৰাইজ শোকত ভাগি পৰা পৰিলক্ষিত হৈছে৷পংখী সন্দিকৈ মৃত্যুক লৈ জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ প্ৰতিনিধিয়ে নিতাইপুখুৰী

দুৱৰিছিগা গাঁৱৰ মাতৃগৃহত আহি পৰিয়ালটোৰ দুখৰ সমভাগী হোৱাৰ লগতে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি দোষীক শাস্তি দিবলৈ দাবী জনাইছে৷ইফালে আজি ৰাজ্যিক মহিলা আয়োগৰ সদস্য বিনীতা শইকীয়া দে’ পৰিয়ালটোৰ গৃহত উপস্থিত হৈ পিতৃ-মাতৃৰ খবৰ লোৱাৰ লগতে সংবাদ মাধ্যমৰ আগত কয় যে পংখী সন্দিকৈ মৃত্যু অতি দুভাগ্যজনক৷আমাৰ জাতিটো কনকলতা ,সতী সাধিনী আদি নাৰীৰ আদৰ্শৰে পৰিচালিত৷পংখী সন্দিকৈ মৃত্যুৰ পিছত আৰক্ষীক দাখিল কৰা এজাহাৰখন নামৰূপ আৰক্ষীৰ নিদেৰ্শত আৰু চকুৰ আগত এগৰাকী ষোল্ল বছৰীয়া নাবালিকাই লিখিছে৷ যিটো নীতি বিৰোধ কথা৷পংখী সন্দিকৈ হত্যাৰ ন্যায় বিচাৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী , ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষাক লিখিতভাৱে অৱগত কৰিব বুলি উল্লেখ কৰে৷ পংখী সন্দিকৈ হত্যাই মোৰ গাৰ নোম শিয়ৰি উঠিছে৷এগৰাকী প্ৰতিভাবান যুৱতীক হেৰুৱাব লগা হোৱাটো দুভাগ্যজনক৷উঠি অহা প্ৰজন্মক আমি কি শিক্ষা দিম বুলিও প্ৰশ্ন কৰে ?ইফালে জাতীয় সংগঠন বীৰ লাচিত সেনাৰ শিৱসাগৰ নগৰ সমিতিৰ সভাপতি অংকিত ৰাজ ফুকনে নামৰূপ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলকমল বৰুৱাৰ বিৰুদ্ধে অভিযোগ কৰি কয় যে ধনৰ বিনিময়ত দোষীক ৰক্ষণাবেক্ষণ দিয়া কাৰ্য কোনো কাৰণতে মানি লোৱা ন’হব৷আৰক্ষী বিষয়াজনৰ নিদেৰ্শত দোষীক বাচিবৰ বাবে

দুভগীয়া পৰিয়ালটোৰ কন্যা তথা সদ্য মেট্ৰিক পাছ কৰা ১৬ বছৰীয়া ছোৱালীজনীয়ে এজাহাৰ লিখিছিল৷ স্মাৰ্ট অসম আৰক্ষীত এজাহাৰ লিখা মানুহ নাই নেকি বুলিও নেতাজনে প্ৰশ্ন কৰে ? নামৰূপ থানাৰ অচিৰ দাদাগিৰি নচলিব বুলি হুমকি দিয়াৰ লগতে প্ৰয়োজনত শিৱসাগৰ জিলা বন্ধৰ দৰে কাৰ্যসূচী লোৱা হ’ব৷নেতাজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰভাৱে সমালোচনা কৰি কয় মুখ্যমন্ত্ৰীয়ে সভাই সমিতিয়ে যুৱতী, বোৱাৰী সুৰক্ষা দিয়া কথা কৈ ফুৰে৷কিন্ত মুখ্যমন্ত্ৰীয়ে কিমানজনী জীয়ৰী-বোৱাৰীক সুৰক্ষা দিবলৈ সক্ষম হৈছে ? পংখী সন্দিকৈ হত্যাৰ তদন্ত কৰা আৰক্ষী বিষয়াজনক ৪৮ ঘণ্টাৰ ভিতৰত বদলি কৰিবলৈ দাবী জনোৱাৰ লগতে এগৰাকী দক্ষ আৰক্ষী বিষয়াক তদন্তৰ দায়িত্ব দিবলৈ দাবী জনায়৷আনহাতে অসম আৰক্ষী ডিজিপিক সমালোচনা কৰি কয় থানাত এজাহাৰ লিখিবলৈ স্মাৰ্ট অসম আৰক্ষীত মেট্ৰিক পাছ কৰা আৰক্ষী নাই নেকি ? নেতাজনে পংখী সন্দিকৈক হত্যা কৰা শিক্ষক স্বামী নীতিকেশ দাসক ফাঁচি দিবলৈ দাবী জনায়৷ইয়াৰ অন্যথা যাৱতজীৱন কাৰাদণ্ড দিবলৈ দাবী জনায়৷মুখ্যমন্ত্ৰীয়ে থানাই থানাই এজাহাৰ লিখা আৰক্ষী বিষয়া থাকিব বুলি বীৰদৰ্পে ঘোষণা কৰিছিল যদিও আজিলৈকে থানাত তেনে এজাহাৰ লিখা আৰক্ষী বিষয়া নিযুক্তি নিদিলে বুলি নেতাজনে কয়৷নেতাজনে ফাষ্টটেক আদালতত পংখী সন্দিকৈ হত্যাৰ বিচাৰ হ’ব লাগিব বুলি দাবী জনোৱাৰ লগতে দোষীয়ে শাস্তি নোপোৱা পৰ্যন্ত বীৰ লাচিত সেনা শান্তিৰে নাথাকে বুলি কয়৷যুৱ নেতা দীপজ্যোতি গগৈয়ে কয় নিতাইপুখুৰী আৰু ডিমৌ অঞ্চলৰপৰা

খুউব কম সংখ্যাক ছাত্ৰ-ছাত্ৰী বাহিৰলৈ ওলাই যায়৷কিন্ত পংখী সন্দিকৈ মৃত্যুৰ পিছত স্বামী নীতিকেশ দাসৰ পৰিয়ালে পংখীৰ বিৰুদ্ধে যি অভিযোগ আনিছে সেয়া গোকাট মিছা৷যদি পংখী সন্দিকৈ সঁচাকৈ মানসিক ৰোগত আক্ৰান্ত হৈ টোপনি যোৱা টেবলেট খাইছিল তেন্তে মাতৃগৃহত সেই কথা কিয় অৱগত কৰা নাছিল ? বিজেপি চৰকাৰখনে বেটি বচাও বেটি পঢ়াও আদি যি শ্লোগান দিছিল সেয়া আজি তাৰ বিপৰীত ঘটনা সংঘটিত হৈছে৷নেতাজনে পংখী সন্দিকৈ দৰে মেধাবী যুৱতী-বোৱাৰী মৃত্যু নহয় তাক নজৰ দিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে দোষীক কঠোৰ শাস্তি দিবলৈ দাবী জনায়৷উল্লেখ্য যে নামৰূপ থানাৰ আৰক্ষীয়ে ততাতৈয়াকৈ পংখী সন্দিকৈ স্বামী নীতিকেশ দাসক ৩ মে’ত আটক কৰি ৪ মে’ত ডিব্ৰুগড় জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল৷আৰক্ষী বিষয়া নীলকমল বৰুৱাই দোষী যুৱকজনক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থতে ভুক্তভোগী পৰিয়ালটোৰ কনিষ্ঠ নাবালিকা কন্যাক দুৰ্বল এজাহাৰ লিখিবলৈ বাধ্য কৰাইছিল বুলি অভিযোগ উত্থাপিত হৈছে৷ইফালে কাইলৈ শিৱসাগৰ জিলা টাই আহোম ছাত্ৰ সন্হাৰ উদ্যোগত পংখী সন্দিকৈৰ মৃত্যুৰ উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত ডিমৌ চাৰিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী লোৱা হ’ব বুলি আটাছু নেতা সুমিত কুমাৰ সন্দিকৈয়ে জানিব দিছে৷ আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ ডিমৌ আঞ্চলিক সমিতিৰ সভাপতি কৃষ্ণ হাজৰিকা সম্পাদক লাটু ভট্টাচার্যই আজি এক প্ৰেছ বিবৃতি যোগে পংখী সন্দিকৈৰ দৰে এগৰাকী মেধাৱী ছাত্ৰীৰ হত্যা কাণ্ডৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ ব্যৱস্থা কৰক চৰকাৰে। এই হত্যাৰ লগত জড়িত স্বামী যাতে কোনো কাৰণে বাচি যাব নোৱাৰে তাৰ বাবে এজন উচ্চ পৰ্যায়ৰ আৰক্ষীক তদন্তৰ বাবে নিয়োগ কৰিবলৈও দাবী জনায় চৰকাৰ আৰু আৰক্ষীৰ শীৰ্ষ মহলক।

Leave A Reply