Breaking

দিপাৱলীৰ নিশাই ৰঙিয়াত ভয়ংকৰ অগ্নিকাণ্ড।

0 2,021

ৰঙিয়া নগৰৰ মাজমজিয়াত অৱস্থিত শিৱমন্দিৰৰ গাতে লাগি থকা এটা দুমহলীয়া অট্টালিকাৰ ওপৰভাগ জুইত সম্পূৰ্ণ জাহ যায়। প্ৰসন্ন বৈশ্য নামৰ অৱসৰপ্ৰাপ্ত শিক্ষক এজনৰ ঘৰত সংঘটিত হয় এইঘটনা। জুইৰ লেলিহান শিখাই মূহুৰ্ততে আগুৰি ধৰে ভাড়াতীয় হিচাবে থকা ৰমেশ বাজাজ আৰু আত্মাৰাম বাজাজৰ কোঠালী। ঘটনাৰ তথ্য অনুসৰি দীপাৱলিৰ বাবে আনি সজোৱা বৈদ্যুতিক মালাৰ শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হৈছে এই বিদ্ধংসী অগ্নিকাণ্ড। অগ্নিশিখাই মুহূৰ্ততে আগুৰি ধৰাত একেলগে থকা কাপোৰৰ গুদামসহ কেবাটাও কোঠালী সম্পূৰ্ণৰূপে ভস্মীভূত হয়। কথমপি প্ৰাণ ৰক্ষা পৰে এটি শিশুসহ কেবাজন লোকৰ। এই ঘটনাৰ ফলত প্ৰায় পঞ্চাশ লাখৰো অধিক টকাৰ  সা-সামগ্ৰী আৰু সম্পত্তি জুইত জাহ যোৱা বুলি জানিব পৰা গৈছে। জুইৰ প্ৰকোপ ইমানেই তীব্ৰ আছিল যে স্থানীয় শতাধিক যুৱক আৰু প্ৰায় ৫ খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰ দুঘন্টাযোৰা নেৰানেপেৰা চেষ্টাৰ ফলত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নি নিৰ্বাপক বাহীনি আৰু আৰক্ষীৰ লোক আহি পোৱাত কিছু পলম হোৱা বাবে ৰাইজ উত্তেজিত হয়। আনহাতে খবৰপোৱা মাত্ৰকেই ঘটনাস্থলীত উপস্থিত হয় ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালসহ প্ৰশাসনৰ বিষয়ববীয়া সকল। উত্তেজিত ৰাইজৰ ‍মহকুমা আৰক্ষী বিষয়া মৃগাক্ষী ডেকাৰ লগত কিছু কথাৰ কটাকটি হয় আৰু ৰাইজে দুৰ্ব্যৱহাৰৰ অভিযোগ কৰে। ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যুৎ বিভাগেও সমগ্ৰ চহৰখনৰ বিদ্যুত সংযোগ কাটি দিয়ে,যাৰফলত দীপাৱলিৰ আনন্দ ৰঙিয়াত একপ্ৰকাৰ ম্লান হৈ পৰে।

Leave A Reply