Breaking

হত্যাৰ অভিযোগত দোষী সাব্যস্ত হোৱাৰ পিছত ত্ৰিপুৰাৰ এগৰাকী ব্যক্তিক মৃত্যুদণ্ডৰ শাস্তিৰে দণ্ডিত…

0 52

নিজৰ দুগৰাকী কন্যা সন্তান, ভাতৃ আৰু এগৰাকী আৰক্ষী বিষয়াৰ লগতে আন এগৰাকী ব্যক্তিক হত্যা কৰাৰ অভিযোগত দোষী সাব্যস্ত হোৱাৰ পিছত ত্ৰিপুৰাৰ এগৰাকী ব্যক্তিক মৃত্যুদণ্ডৰ শাস্তিৰে দণ্ডিত কৰিছে। ৰাজ্যখনৰ খোৱাই জিলাৰ আদালতে ৪০ বৰ্ষীয় ব্যক্তিগৰাকীক এই চৰম শাস্তি প্ৰদান কৰে।

Hand about to bang gavel on sounding block in the court room

যোৱা বৰ্ষৰ ২৬ নৱেম্বৰত প্ৰদীপ দেৱৰয় নামৰ ব্যক্তিগৰাকীয়ে এই অপৰাধ সংঘটিত কৰিছিল আৰু তদন্ত তথা বিচাৰৰ পিছত আদালতে তেওঁক দোষী সাব্যস্ত কৰি বুধবাৰে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে।

উত্তৰ ৰামচন্দ্ৰঘাটৰ বাসিন্দা প্ৰদীপে প্ৰথমে তেওঁৰ দুই কন্যা অদিতি আৰু মন্দিৰাক লোহাৰ ৰডেৰে হত্যা কৰে। এই অপৰাধৰ সময়ত হস্তক্ষেপ কৰাৰ বাবে প্ৰদীপে তেওঁৰ ভাতৃ অমলেশ দেৱৰয়কো হত্যা কৰে।

এই হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত তেওঁ পথলৈ ওলাই যায় আৰু আচম্বিতে কৃষ্ণ দাস নামৰ আন এগৰাকী লোকক প্ৰহাৰ কৰি হত্যা কৰে। ইফালে খোৱাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যজিৎ মল্লিক এই সময়তে আৰক্ষীৰ দলৰ সৈতে সেই স্থানত উপস্থিত হয়। কিন্তু চাৰিটাকৈ হত্যাকাণ্ড সংঘটিত কৰা প্ৰদীপে মল্লিককো আক্ৰমণ কৰে।

Leave A Reply