Breaking

কলিয়াবৰত এক আজৱ কাণ্ড। জুৱা খেলিবলৈ পইচা নাপাই নিজৰ ঘৰতেই এজনে লগালে জুই।

0 54

কলিয়াবৰৰ মহকুমাৰ আমবাগান আৰক্ষী চকীৰ অন্তৰ্গত এখনি পিছপৰা গাঁও পূৱ শোৱালনী। উন্নয়ন, আৰ্থিক, সামাজিকভাৱে পিছপৰা হ’লেও এটা দিশত আগবঢ়া গাঁওখন। জুৱা খেলা আৰু নিচা জাতীয় দ্ৰব্য গ্ৰহণ কৰা দিশত গাঁওখন আগবঢ়া। 
গাঁওখনৰ সকলো পুৰুষেই জুৱা খেলে আৰু মদ খায়। পুৰুষ বুলি ক’লে কথাটো সম্পূৰ্ণ নহ’ব, কিশোৰ-যুৱক সকলো আসক্ত নিচা জাতীয় দ্ৰব্যৰ ব্যৱহাৰ আৰু জুৱাখেলাত। এই অভিযোগ আমাৰ নহয় , এই অভিযোগ উত্থাপন কৰিছে গাঁওখনৰ মহিলাই। 

জুৱা খেলিবলৈ ধন নাপাই নিজৰ ঘৰত জুই দিয়াৰো ঘটনা সংঘটিত হৈছে এইখন গাঁৱত। ঘটনাৰ বিবৰণী মতে গাঁওখনৰ স্বপন বৰ্মন নামৰ লোকজনে প্ৰথমে পত্নীৰ পৰা চাৰিশ টকা লৈ জুৱাত হাৰি পুনৰ পাঁচশ টকা বিচাৰে আৰু পত্নীয়ে নিদিয়াৰ বাবে নিজৰ ঘৰতেই লগাই দিয়ে জুই। স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত বিশেষ ক্ষতি হোৱাৰ পৰা ৰক্ষা পৰে ঘৰখন। 
স্থানীয় আমবাগান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত স্বপন বৰ্মনৰ লগতে আৰু এজনক আটক কৰে। গাঁওখনত অবৈধভাৱে চলি থকা তীৰ, তাছপাত আদিৰ জুৱা আৰু ভাং-আৰু মদৰ প্ৰচলন বন্ধৰ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে গাঁৱৰ মহিলাসকলে।

Leave A Reply