Breaking

শিৱসাগৰৰ বকতাত নিশা ভয়ংকৰ অগ্নিকাণ্ড।ভঙা দলংৰ বাবেই যাব নোৱাৰিলে অগ্নিনিৰ্বাপক গাড়ী।

0 1,037

শিৱসাগৰৰ বকতা অঞ্চলত যোৱা নিশা ভয়ংকৰ অগ্নিকাণ্ড।নঙলামৰা শিৱ মন্দিৰৰ সমুখৰ তিনিখন দোকান যোৱা নিশা জুইত নিশেষ হৈ যায়।নিশা প্ৰায় ১২ মান বজাত অজ্ঞাত কাৰণত উক্ত দোকান তিনিখনত অগ্নি সংযোগ হোৱাত ৰাইজে তৎকালীন ভাৱে অগ্নিনিৰ্বাপক বাহিনীক খৱৰ দিয়ে যদিও অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত নহ’ল।অগ্নিনিৰ্বাপক বাহিনী উপস্থিত নোহোৱাৰ মূল কাৰণ হৈছে বকতা-নঙলামৰাৰ দলঙখন।

চাৰিচকীয়া আৰু গধুৰ যানবাহন চলাচলৰ বাবে বন্ধ এই দলঙখনৰ বাবেই ঘটনাস্থলিলৈ আহিও দলঙৰ এমূৰে ৰৈ থাকিব লগা হয় অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী।যাৰ বাবে তিনিখন দোকান ভস্মীভূত হোৱাৰ ফলত তিনিটা পৰিয়াল সৰ্বস্বান্ত হয়।

Leave A Reply