Breaking

ৰাজধানীত পুনৰ সংঘটিত হৈছে এক হত্যাকাণ্ড। আকৌ এজন লিভ-ইন সংগীৰ হাতত হত্যা…

0 54

ৰাজধানীত পুনৰ সংঘটিত হৈছে এক হত্যাকাণ্ড। আকৌ এজন লিভ-ইন সংগীৰ হাতত হত্যা। কেৱল হত্যাই নহয়, এই ঘটনাটোৰো লিভ-ইন সংগী আফতাব আমিন পুনেৱালাৰ হাতত শ্ৰদ্ধা ৱাকাৰৰ হত্যাৰ দৰেই মিল আছে! কাৰণ, এই ক্ষেত্ৰতো লিভ-ইন সংগী দিল্লীৰ যুৱকজনে হত্যাৰ পিছত মৃতদেহটো টুকুৰা টুকুৰ কৰিবলৈ চেষ্টা কৰিছিল। আৰক্ষীৰ সূত্ৰই এই কথাই জানিবলৈ দিছে।

মৃতৰ মহিলাগৰাকীৰ নাম ৰেখা ৰাণী। আৰক্ষীয়ে জনোৱা অনুসৰি, ৩৫ বছৰীয়া ৰেখা ৰাণীৰ শৰীৰত চুৰিৰে বাৰে বাৰে আঘাতৰ চিহ্ন আছে। হত্যাকাণ্ডটো পশ্চিম দিল্লীৰ তিলক নগৰত সংঘটিত হৈছিল। ৰেখা ৰাণীয়ে গণেশ নগৰৰ এটা ঘৰত ভাড়াত বাস কৰিছিল।

ৰেখা ৰাণীৰ মৃতদেহ ভাড়াঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে। ৰেখা ৰাণীৰ সৈতে তেওঁৰ ১৬ বছৰীয়া কন্যাও আছিল। আৰক্ষীয়ে গোচৰটোত অভিযুক্ত লিভ-ইন সংগীক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তৰ নাম মনপ্ৰীত।

আৰক্ষীয়ে জানিবলৈ দিয়ে যে মনপ্ৰীত ইতিমধ্যে আৰক্ষীৰ ৰেকৰ্ডত ৱান্টেডৰ তালিকাত আছিল। তেওঁৰ বিৰুদ্ধে অপহৰণ আৰু হত্যাৰ একাধিক গোচৰ আছে। আনকি গ্ৰেপ্তাৰ কৰা মনপ্ৰীত ইতিমধ্যে বিবাহিত আছিল। তেওঁৰ দুটা সন্তানো আছে।

২০১৫ চনৰ পৰা ৰেখা ৰাণীৰ সৈতে মনপ্ৰীতৰ সম্পৰ্ক। ৰেখা ৰাণীৰ সৈতে সম্পৰ্ক হোৱাৰ পিছত মনপ্ৰীত গণেশ নগৰত থকা তেওঁৰ ভাড়াঘৰলৈ আহিছিল। কিন্তু শেহতীয়াকৈ দুয়োৰে মাজৰ সম্পৰ্কত ফাট মেলিছিল। মনপ্ৰীতে অনুভৱ কৰিছিল যে তেওঁক সম্পৰ্কৰ নামত ফান্দত পেলোৱা হৈছে।

Leave A Reply