Breaking

শিশুৰ দেহত কাৱাছাকি ছিন্ড্ৰম নামৰ নতুন ৰোগ ৷

0 1,163

দৈনন্দিন বাৰ্তা ডেস্ক :

ক’ভিড-১৯ৰ সংক্ৰমণ ভাৰতত চলি থকাৰ সময়তে শিশুৰ মাজত কাৱাছাকি ছিন্ড্ৰম নামৰ এটা নতুন ৰোগৰ সংক্ৰমণ হৈছে ৷ ‘মাল্টিছিষ্টেম ইনফ্লেমেটৰী ছিনড্ৰম’ নামেৰে পৰিচিত এই ৰোগৰ ফলত জ্বৰ হয় আৰু দেহৰ ৰক্ত পৰিবাহী শিৰাবোৰ উখহি যায়৷ লগতে চকু উখহি যায়, চাল, পেট পোৰে আৰু বিষ হয় ৷ লক্ষণবোৰৰ পৰা দেখা যায় যে শিশুৰ ৰক্তচাপ হ্ৰাস হ’বলৈ ধৰে আৰু ক্লান্ত হ’বলৈ ধৰে ৷ বি এল কাপুৰ হাস্পতালৰ শিশু বিশেষজ্ঞ ডাঃ ৰচনা শৰ্মাই কয় যি দিল্লী আৰু মুম্বাইত এনে কিছু শিশু পোৱা গৈছে যি এই ৰোগত ভূগিছে ৷ যদিও শিশুৰ মাজত এই ৰোগত আক্ৰান্ত হোৱাটো কম তথাপি সতৰ্ক হোৱাৰ প্ৰয়োজন ৷ কাৰণ এই ৰোগে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তুলে ৷ ইয়াৰ পূৰ্বে ১৫ মে’ত বিশ্ব স্বাস্থ্য সংস্থাই শিশু আৰু কিশোৰ-কিশোৰীৰ মাজত মাল্টিছিষ্টেম ইনফ্লেমেটৰী ডিজঅৰ্ডাৰৰ বাবে প্ৰাথমিক অৱস্থাৰ ৰোগী পাই সংজ্ঞা আৰু ৰিপৰ্ট তৈয়াৰ কৰিছে ৷

Leave A Reply