Breaking

বৰপেটা জিলাৰ গোৱৰ্দ্ধনাত স্থাপন হল নতুন বিদ্যুৎ উপ-কেন্দ্ৰ, আমি হাতে-কামে কৰি দেখুৱাইছোঃ ৰণজিৎ দাস

0 59

দৈনন্দিন বাৰ্তাৰ সেৱা, বৰপেটা, ৮ নৱেম্বৰঃ বৰপেটা জিলাৰ সীমান্তবৰ্তী গোৱৰ্দ্ধনাত অসম চৰকাৰৰ শক্তি বিভাগৰ দ্বাৰা স্থাপন কৰা ৩৩/১১ কেভিৰ এটা বিদ্যুৎ উপ-কেন্দ্ৰ আজি হাউছফেদৰ অধ্যক্ষ তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে। এই উপলক্ষে বিদ্যুৎ কেন্দ্ৰটিৰ চৌহদতে অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত ভাষণ দি অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ জনে কয় যে, এই নতুন উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ উপ-কেন্দ্ৰটিৰ বাবে বৃহত্তৰ অঞ্চলটোৰ বিদ্যুৎ যোগান পৰিস্থিতিৰ যথেষ্ট উন্নত হব।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে কেৱল প্ৰতিশ্ৰুতি আৰু আশ্বাসেৰে নহয়, ৰাইজৰ স্বাৰ্থত হাতে-কামে কৰি দেখুৱাইছে বুলি তেওঁ দাবী কৰে। সভাত অংশগ্ৰহন কৰি বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই দিয়া ভাষণত এই বিদ্যুৎ কেন্দ্ৰটিয়ে অঞ্চলটোৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ সক্ষম হব বুলি মন্তব্য কৰে। উদ্ধোধনী সভাত অসম বিদ্যুৎ উৎপাদন প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালক তথা মুখ্য অভিযন্তা (গ্ৰামীণ বিদ্যুতিকীকৰণ) আৰু অসম শক্তি বিতৰণ প্ৰতিষ্ঠানৰ মুখ্য মহাপ্ৰৱন্ধক নিৰ্মলজিৎ দাসো বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

উল্লেখযোগ্য যে বৰপেটা আৰু বাক্সা জিলাৰ সীমান্তবৰ্তী গোৱৰ্দ্ধনাত স্থাপন কৰা এই বিদ্যুৎ কেন্দ্ৰটিয়ে দুয়োখন জিলাৰে ১৮ খনত কৈ অধিক গাওঁ সামৰি লব।  সেইবোৰ হৈছে বাৰাপেটা, লাবদুংগুৰী, ঘোৰামাৰা, মিলন বাজাৰ, কহিতামা, অক্সিগুৰী, আনন্দ বাজাৰ, পালিতা, মাতঙ্গ, গতি, ৰৌমাৰী, দোলাজানী, হাটখোলা, গোৱৰ্দ্ধনা, কালপানী, চৌধুৰী, কুঠলিঝাৰ আৰু ফাটেমাবাদ চাহ বাগিছা আদি।

Leave A Reply