Breaking

চেক্সৰ বিনিময়ত এখন পি.এইচ.ডি. থেছিছ! জুৰী বৰা বৰগোহাঞিৰ নতুন উপন্যাস ‘চিঞৰ’

0 28,106

উচ্চ শিক্ষা প্ৰতিষ্ঠানত যৌন-শোষণ ক্ৰমাৎ বাঢ়ি আহিছে। ‘মিটু’ আন্দোলনৰ প্ৰভাৱে বৰ্তমানেও না না গোপন কাহিনী আমাৰ সমুখত উন্মোচিত কৰি আছে। বাতৰি কাকত, নিউজ চেনেলত আজিকালি শৈক্ষিক প্ৰতিষ্ঠান কিছুমানৰ এনে ঘটনাবোৰ বেনাৰ হেডলাইন, ব্ৰেকিং নিউজ হৈ প্ৰচাৰ হৈ আছে। প্ৰায় প্ৰতিদিনেই এনেধৰণৰ বাতৰি প্ৰচাৰ হোৱা দেখা যায়। শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ ভিতৰচ’ৰাত ঘটা এনে কাণ্ডই বহু চিন্তাশীল লোকৰ মনত উদ্বেগ সৃষ্টি কৰিছে। বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় বা অন্যান্য শিক্ষাৰ প্ৰতিষ্ঠানসমূহতো নাৰীসকল যেন সুৰক্ষিত নহয় তেনে এক পৰিৱেশ সৃষ্টি হৈছে। আনহাতে বিশ্ববিদ্যালয় পৰ্যায়ত কেৰিয়াৰৰ জখলাত বগাই যোৱাৰ প্ৰতিযোগিতাত সকলো বস্তু পণ্য হৈ যোৱাৰ দৰে সন্মানজনক শৈক্ষিক ডিগ্ৰীও পণ্য হৈ গৈছে নেকি? পি এইচ ডি বা ডক্তৰেট ডিগ্ৰী আমাৰ সমাজৰ বাবে আটাইতকৈ সন্মানজনক ডিগ্ৰী। চাকৰি, পদোন্নতি, বিদ্যায়তনিক স্বীকৃতি বা অন্য গৱেষণাৰ বাবে এই ডিগ্ৰী দৰকাৰী। সমাজত সন্মানজনক স্থান এটাৰ অধিকাৰী হ’বলৈও কোনো কোনোৱে ডক্তৰেট ডিগ্ৰী লয়। অন্বেষনমূলক গবেষণাই নতুনত্বৰ সম্ভেদ দিয়ে, ন ন চিন্তাৰ বিকাশত সহায় কৰে। আমি এনে এজন গৱেষকলৈ আশাকৰো যাৰ গৱেষণা কৰ্মই চিন্তাৰ পৰিধি বহল কৰিব, সমাজক উপকৃত কৰিব আৰু সমাজৰ সঠিক পৰিৱৰ্তনত সহায় কৰিব। কিন্তু বাস্তৱত এই মহান বুলি বিবেচনা কৰা গৱেষণা ক্ষেত্ৰখনত সংঘটিত হৈ আহিছে নানা অপকৰ্ম। তাৰ ভিতৰত যৌন শোষণো অন্যতম। কিছুৱে তিলমানো কষ্ট নকৰাকৈ শৈক্ষিক আৰু কৰ্মক্ষেত্ৰত জখলা বগোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এচামে এই ডিগ্ৰীটোক লৈ ব্যৱসায় কৰিছে। কিছু গাইদ তথা তত্বাৱধায়কে গবেষকক নানা ধৰণে ব্যৱহাৰ কৰি আহিছে। কিছুমান লোভী আৰু সুবিধাবাদী চৰিত্ৰৰ মানুহে এই ক্ষেত্ৰত মৌনতা অৱলম্বন কৰিলেও কিছুমান প্ৰতিবাদী সত্বাই এনেকুৱা আচৰণৰ বিপক্ষে সোচ্চাৰ হৈ পৰে। গাইডৰ এনে ধৰণৰ আচৰণক লৈ প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। কিন্তু দুৰ্ভাগ্যৰ কথা যে সেই প্ৰতিবাদকো উফৰাবলৈ এই শৈক্ষিক মহলৰে প্ৰভাৱশালী কিছু লোক ব্যস্ত হৈ পৰে।


এনে কিছুমান কাহিনীক লৈ জনপ্ৰিয় ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিৰ নৱতম উপন্যাস ‘চিঞৰ’। ঔপন্যাসিক গৰাকীৰ ‘ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী’, ‘আপোনজনৰ ঠিকনা’, ‘অভিলাষী যাত্ৰা’, ‘ৰাগ… ইমন’, ‘লিড’লাম’, ‘নাংফা’, ‘ভোক’, ‘আংকুশ’, ‘সিহঁত’ উপন্যাসৰ পাছতে এই দশম সংখ্যক উপন্যসখন প্ৰকাশ কৰিছে ‘বনলতা’ প্ৰকাশনৰ প্ৰকাশক প্ৰদু্যৎ হাজৰিকাই। বিগত সময়ছোৱাত শিক্ষা জগতত ক্ৰমাৎ বাঢ়ি অহা যৌন-নিৰ্যাতন, সুবিধাবাদ, কষ্ট, মানসিক উৎপীড়ন আদিক কেন্দ্ৰ কৰি লিখা ‘চিঞৰ’ সমসাময়িক সমাজ-বাস্তৱৰ এখনি জীৱন্ত দলিল। সমাজ-বাস্তৱৰ চেতনা আৰু ৰ্নিৰ্ভীক প্ৰতিবাদক মূল আধাৰ হিচাপে লৈ লিখা কেইবাখনো মানবিশিষ্ট উপন্যাসৰ পিছত লেখিকাৰ এইখনো মূলত প্ৰতিবাদী উপন্যাস। শৈক্ষিক প্ৰতিষ্ঠানৰ এই সৰ্বনাশী চৰিত্ৰই যে সমাজখনৰো কিছু বিপৰ্য্যয় ঘটায় আহিছে তাত সন্দেহ নাই। কাল্পনিক হলেও উপন্যাসখনৰ কাহিনীত যিবোৰ চৰিত্ৰ দেখা গৈছে তাৰ কিছুমান চৰিত্ৰক আমাৰ সকলো সমাজতে কম-বেছি পৰিমাণে পোৱা যায়। সেইসকল আমাৰ চিনাকি পৰিমণ্ডলৰ মানুহ। ‘চিঞৰ’ৰ মূল প্ৰটাগনিষ্ট গৰাকীও এনেধৰণৰ অনাকাংখিত পৰিৱেশৰ সন্মুখীন হৈছে। যি নিজৰ ধৰণে সমস্যাটোক প্ৰত্যাহ্বান জনাবলৈ সাহ আৰু শক্তি গোটাইছে। বিভিন্ন মহলৰ পৰা অহা চাপত প্ৰটাগনিষ্ট হাৰি যোৱাৰ উপক্ৰম হ’লেও উপন্যাসখনৰ মূল কথনে সমাজলৈ গুৰুত্বপূৰ্ণ বাৰ্তা দিছে।


উপন্যাসখনত প্ৰটাগনিষ্টৰ মুখত প্ৰকাশ হোৱা তাৎপৰ্য বহন কৰা দুটামান কথা হ’ল– ‘মেম। মই ছাৰৰ দৈহিক সম্পৰ্কৰ প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰিলোহেঁতেন। ইমানকৈ হুলস্থূল নকৰিলোহেঁতেন। কিন্তু মোৰ আটাইতকৈ বেয়া লাগিছিল মোক থেছিছ লিখি দিম বুলি কোৱাটোত। চেক্সৰ বিনিময়ত এখন পি.এইচ.ডি. থেছিছ কেনেকৈ সম্ভৱ! ড০ লিখা মানুহক সমাজে কিমান সন্মান কৰে! বা ছাৰে এই কথাটো কেনেকৈ ভাবিব পাৰিলে যে দেহ দি মই পি.এইচ.ডি.ৰ দৰে সন্মানীয় গৱেষণাৰ ডিগ্ৰী এটা ল’ম! বৰ অসহ্যকৰ। মই ভি.চি.ৰ ওচৰলৈ সেই কাৰণেই গৈছিলো যে মোৰ দৰে আন কাৰোবাৰ লগত এনেকুৱা নহওক। হায়াৰ এডুকেশ্যনত যদি এইবোৰ হয়…।’
এনেধৰণৰ কথাবোৰেৰে এই সমাজতে অৱস্থিতি থকা এটা শক্তিশালী, আপোচবিহীন প্ৰতিবাদী চৰিত্ৰ নিৰ্মাণত লেখিকাই গুৰুত্ব আৰোপ কৰিছে। লগতে সুবিধাজনক স্থানত থকা স্বাৰ্থপৰ কিছু লোকৰ চৰিত্ৰ পাঠকৰ সমুখত উন্মোচিত কৰিছে। লেখিকাই যদিও কাহিনীটো কাল্পনিক বুলি কৈছে প্ৰকৃতাৰ্থত উপন্যাসখন বাস্তৱৰ এক দলিল স্বৰূপ হোৱাৰ বাবে পাঠকে একাত্ম অনুভৱ কৰিব পাৰিব। ডিব্ৰুগড়ৰ ডি’ প্ৰিমলেণ্ডত ‘চিঞৰ’ প্ৰসংগত আজি ‘বনলতা’ই সংবাদ মেল আৰু ঔপন্যাসিকৰ স’তে আন্তৰিক মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰে। তাতেই সাংবাদিকসকলৰ সন্মুখত জুৰী বৰা বৰগোহাঞিয়ে ‘চিঞৰ’ উপন্যাসখন নিজৰ হাতেৰে দাঙি ধৰি আনুষ্ঠানিক ভাবে পাঠক সমাজলৈ আগবঢ়াই দিয়ে।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক মানস জ্যোতি দত্ত, সাংবাদিক বিভাষ দুৱৰা, যাদৱ গগৈ, ৰাতুল বুঢ়াগোহাঁই, মুক্তামণি হাজৰিকা, চন্দন ফুকন, ধনটি শইকীয়া, কৰুণা ফুকন, জ্যোতিষ কুমাৰ পাতিৰ, দ্বীপজয় শইকীয়া, দেৱজিৎ চুতীয়া, দীপু বৰা, সাংবাদিক ঔপন্যাসিক গোবিন কুমাৰ খাউণ্ডৰ লগতে কবি অমিতাভ ফুকন, কৃতি আৰু অৱসৰী প্ৰধান শিক্ষয়িত্ৰী পুণ্য বৰগোহাঞি, কবি আৰক্ষী বিষয়া ভাস্কৰ ফুকন. শক্তিশালী নাৰীবাদী কৰ্মী অৰ্পনা বৰা আৰু সুদক্ষিণা দাস বৰদলৈ, লেখক-অধ্যক্ষ ভূষণজ্যোতি সন্দিকৈ, ফটোগ্ৰাফাৰ সঞ্জীৱ বসুমতাৰীয়ে অন্তৰংগ আলাপ কৰে। ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিয়ে বিশেষভাৱে গুৰুত্ব আৰোপ কৰি কয়– আমাৰ বিনম্ৰ প্ৰয়াস যাতে সমাজৰ পৰা এনে ধৰণৰ চৰিত্ৰ, সামাজিক আৰু শৈক্ষিক শোষণৰ অন্ত হওক।