Breaking

অপৰাধ নিয়ন্ত্ৰনৰ লগতে জনসম্পৰ্ক ৰক্ষাত গুৰুত্ব দিয়া এখন আৰক্ষী থানা :কাৰ্বি আংলং জিলাৰ ডিলাই আৰক্ষী থানা সঁজাই তোলা হৈছে সুন্দৰ ৰূপত

0 2,028

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই অসম আৰক্ষীক জনসম্পৰ্ক বৃদ্ধিত সৰ্বাধিক গুৰুত্ব দিয়াৰ বাবে নিৰ্দেশ দিছিল। সেয়ে বৰ্তমান অসম আৰক্ষীয়েও এই দিশটোত গুৰুত্ব আৰোপ কৰিছে। কিন্তু অসমৰ এখন আৰক্ষী থানাই বহু  আগৰে পৰা এই দিশটোত গুৰুত্ব আৰোপ কৰিছে। কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী ডিলাই আৰক্ষী থানাই এইক্ষেত্ৰত দেখুৱাইছে আদৰ্শ। প্ৰতিদিনেই বহু কুখ্যাত অপৰাধীৰ বিৰুদ্ধে সাফল্য অৰ্জন কৰা ডিলাই আৰক্ষী থানাৰ আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰনৰ সমান্তৰাল ভাৱে জনসম্পৰ্ক ৰক্ষাটো গুৰুত্ব আৰোপ কৰিছে। ডিলাই অঞ্চলৰ ৰাইজ আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত সুন্দৰকৈ সজাই-পৰাই তোলা হৈছে থানাখন। থানাখনৰ চৌহদটো সুন্দৰকৈ গঢ়ি তোলাৰ লগতে থানাখনৰ ভিতৰটোও গঢ়ি তোলা হৈছে সুশৃংখলিত ৰূপত। এই সন্দৰ্ভত ডিলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতোপন চুতীয়াই কয়, কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক গৰাকীৰ নিৰ্দেশত ডিলাই আৰক্ষীয়ে জনসম্পৰ্ক বৃদ্ধিত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে। একেদৰে ডিলাই আৰক্ষীয়ে গাড়ী চুৰি চক্ৰক কৰায়ত্ত কৰাটো লাভ কৰিছে বৃহৎ সাফল্য। মাত্ৰ ২মাহৰ ভিতৰতে কুৰিখনৰো অধিক চুৰি গাড়ী উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আনহাতে ২মাহৰ ভিতৰতে প্ৰায় ৪৫কোটি টকাৰ ব্ৰাউন ছুগাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ডিলাই আৰক্ষীয়ে।     উল্লেখযোগ্য যে, আজিৰ পৰা কেইদিনমান পূৰ্বে ডিলাই আৰক্ষী থানাত কৰ্মৰত গৃহৰক্ষীৰ জোৱান বৰছিং বেক ড্ৰাগছৰ বিৰুদ্ধে সফলতা অৰ্জন কৰাৰ বাবেই আৰক্ষী বিভাগৰ কণিষ্টবল পদত নিযুক্তি দিছিল অসম চৰকাৰে।

Leave A Reply