Breaking

জামুগুৰিৰ দৰিদ্ৰ পৰিয়াল এটালৈ নামিছে কাল অমানিশা, পৰিয়ালটোৰ তিনিজনেই জটিল ৰোগত আক্ৰান্ত; হৃদয় বান লোকলৈ সহায়ৰ আহ্বান…

0 69

সময়ৰ আহ্বানে মানুহক কেতিয়াবা অতি মূমূৰ্ষ অৱস্থালৈ লৈ যায়। তাৰেই এক জলন্ত উদাহৰণ হৈ পৰিছে নগাঁও জিলাৰ বেবেজীয়া সমীপৰ জামুগুৰি গাঁৱৰ দ-ঘাতৰ প্ৰয়াত মনেশ্বৰ নাথৰ ঘৰখন । অতি দৰিদ্ৰতাই গ্ৰাস কৰা ঘৰখনত ভূতৰ ওপৰত দানৱ পৰাদি কাল অমানিশা হৈ নামি আহিছে এটাৰ পাছত আন এটা দুৰাৰোগ্য ৰোগ ।দুখীয়া পৰিয়ালটোৰ মাজত এতিয়া কেবল হুমুনিয়াহৰ বাহিৰে আৰু আন একোৱেই নাই । পিতৃ- মাতৃ আৰু পুত্রই এজনে আনজনৰ মুখলৈ চাই থকাৰ বাহিৰে যেন আন উপায় নোহোৱা হৈছে তেওঁলোকৰ । প্রয়াত মনেশ্বৰ নাথৰ ৪৫ বছৰীয়া পুত্র মিন্টু নাথ বিগত পাঁচ বছৰ ধৰি হৃদৰোগত আক্ৰান্ত হৈ যোৱা দুমাহ ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ আছে। আনহাতে মিন্টু নাথৰ জামুগুৰি বাপুজি হাইস্কুলত নৱম শ্ৰেণীত অধ্যয়নৰত পুত্র সন্তান দীপজ্যোতি নাথ কর্কট ৰোগত যোৱা এবছৰ ধৰি গুৱাহাটীৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটত চিকিৎসাধীন হৈ আছে। বিপৰীতে মিন্টু নাথৰ ৩২ বছৰীয়া পত্নী মাইনা দেৱী গল্ড ব্লাডাৰ ৰোগত আক্ৰান্ত হৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পাছত বর্তমান চিকিৎসকে তেওঁক ম’হখুলিস্থিত নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ অস্ত্রোপচাৰৰ বাবে স্থানান্তৰিত কৰা বুলি জানিব পৰা গৈছে । স্বাভাৱিকতেই এই ঘটনাত বিব্রত হৈ পৰিছে নাথৰ দৰিদ্ৰ পৰিয়ালটো । উপায়ন্তৰ পৰিয়ালটোৱে সমস্যাৰ মাজত উৱাদিহ হেৰুৱাই পেলাইছে । আৰ্থিক অনগ্ৰসৰতাৰ হেতু পৰিয়ালটোৱে বাট চাব লগা হৈছে মানৱদৰদী কোনো ব্যক্তি, অনুষ্ঠান অথা সংগঠনৰ লগতে বাট চাইছে দৰদী মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাৰ সহায়ৰ হাতলৈ । দৰিদ্ৰতাত জুৰুলা হোৱা পৰিয়ালটোৰ বাবে এতিয়া দুমুঠি ভালকৈ খাব পৰাটোৱেই প্ৰত্যাহ্বান ।

তেনেস্থলত ঘৰখনত তিনিজন ৰোগী তিনি ঠাইত চিকিৎসাধীন হৈ থাকিবলগীয়া হোৱা ঘটনাটো নিঃস্ব পৰিয়ালটোৰ বাবে কিমান হৃদয়বিদাৰক সেয়া সহজেই অনুমেয়। তাৰ মাজতে গাঁওখনৰ কোনো কোনো হৃদয়ৱান লোকে সাধ্যানুসাৰে আগবঢ়োৱা ধনকেইটাই তেওঁলোকৰ বাবে হৈ পৰিছে একমাত্ৰ আশাৰ-চাকি। উল্লেখযোগ্য যে মিন্টু আৰু মাইনাৰ প্ৰথম আৰু পঞ্চম শ্রেণীত পঢ়ি থকা আন দুটি কণমানি সন্তানো আছে। পখিলা খেদাৰ বয়সত কণমানি দুটাই ভালকৈ বুজি পোৱা নাই সিহঁতৰ মাক- দেউতাক অথবা ককায়েকৰ জীৱনলৈ নামি অহা দুর্বিষহ কথা। এনে অৱস্থাত প্রতিবেশীৰ আশ্রয়ত থকা কণমানি দুটাৰ কথা ভাবিও সিহঁতৰ মাক-দেউতাকৰ দুচকুৰে অশ্রু বৰষিছে । অতি অন্ধকাৰৰ ভৱিষ্যতক আগত ৰাখি জীৱন সংগ্রামত দিন অতিবাহিত কৰা পৰিয়ালটোৰ প্ৰতি সদাশয় কোনো লোকে আর্থিকভাৱে যদি সহায়ৰ হাত আগবঢ়াব বিচাৰে তেতিয়াহ’লে ৭২৪৭০২ ৬০১৭৭১৫ (একাউন্ট নং), utb 10 rrb agb(ifsc no)ত আগবঢ়োৱাৰ লগতে ৮৪৫৩২-৩৩৫৫৭ এই নম্বৰত যোগাযোগ কৰিব পাৰিব। উল্লেখযোগ্য যে পৰিয়ালটোৱে সংবাদ মাধ্যমৰ যোগেদি তেওলোকলৈ সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে।

Leave A Reply