Breaking

লেখাপানীৰ পৰ্য্যটন ক্ষেত্ৰলৈ আশাৰ ৰেঙণি।

0 2,020

-তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত পাহাৰপুৰত পৰ্য্যটনৰ প্ৰতি গুৰুত্ব আৰোপ কৰি মুকলি কৰা হয়  অফ ৰোড এডভেন্সাৰ চাফাৰী ৰিজৰ্ট । পাহাৰপুৰৰ দুজন উদ্যমী যুৱক ক্ৰমে সোতই চেমা আৰু অবিকা চেমাই অঞ্চলটোৰ প্ৰতি পৰ্য্যটক সকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰি উলিয়ালে সুসজ্জিত ৰিজৰ্টখন। এক সুন্দৰ প্ৰাকৃতিক মনোমোহা পাহাৰীয়া পৰিবেশেৰে পৰিবেষ্টিত ঠাইত গঢ়ি তোলা ৰিজৰ্ট খনে যেন সকলোকে হাতবাউলি মাতিছে। টিৰাপ গেট চেণ্ট্ৰেল বেংকৰ কাষৰ পথটোৰে তিনি কিলোমিটাৰ আগবাঢ়ি গলেই দেখা পোৱা যায় আটক ধুনীয়া ৰিজৰ্ট খন। কোনো ধৰণৰ কৃতিমতা প্ৰয়োগ নকৰাকৈ প্ৰাকৃতিক ভাৱে উৎপাদিত সামগ্ৰীৰে নিৰ্মিত ৰিজৰ্ট খনত গঢ়ি তোলা হৈছে এটা ভিউ পইণ্ট, এই ভিউ পইণ্ট’ৰ পৰা বহু দূৰলৈ প্রকৃতিৰ সেউজ মনোমোহা দৃশ্য উপভোগ কৰাৰ উপৰিও সূৰ্য্য অস্ত যোৱাৰ এক নান্দনিক পৰিবেশ উপভোগ কৰিব পৰা যায়। উক্ত ৰিজৰ্ট খনত নাগা হাট নামেৰে এখন ৰেষ্টোৰাও গঢ়ি তোলা হৈছে যত উপলব্ধ থাকিব সুস্বাদু জনগোষ্ঠীয় খাদ্যসম্ভাৰ। ইয়াৰোপৰি ৰিজৰ্ট খনত উপলব্ধ থাকিব প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পৰাকৈ প্ৰায় তিনি কিলোমিটাৰ দূৰত্বৰ অফ ৰোড জিপ চাফাৰী। উক্ত ৰিজৰ্ট খনৰ উদ্যোগতা সকলে ভৱিষ্যতে ৰিজৰ্ট খন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যেনে ধৰণৰ পৰিকল্পনা হাতত লৈছে সেই পৰিকল্পনা সফল কৰি তুলিব পাৰিলে নিঃসন্দেহে অঞ্চলটোক যে পৰ্য্যটনৰ ক্ষেত্ৰত এক নতুনমাত্ৰা প্ৰদান কৰিব সেইয়া নিশ্চিত। এই চেগতে দুয়োগৰাকী উদ্যোক্তালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো যাতে তেখেতসকলৰ এই যোগাত্মক চিন্তাধাৰাই অসমৰ পৰ্য্যটন ক্ষেত্ৰখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত কিছু হলেও অৰিহণা যোগাব পাৰে আৰু লগতে লেখাপানীৰ পৰ্য্যটন ক্ষেত্ৰখনো পৰ্য্যটকৰ বাবে আকৰ্ষণৰ থলী হিচাপে গঢ় লৈ উঠক।

Leave A Reply