Breaking

পুখুৰীত পৰিণত হৈছে ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ এটা পথ

0 71

পথ নহয় যেন পুখুৰী মাজেৰে যাতায়ত কৰিব লগা হৈছে ৰাইজে।

প্ৰতি বছৰে বাৰিষাৰ সময়ত এক আঠু পৰ্যন্ত পানী হয় এই পথচোৱাত কিন্তু কাণ সাৰ নাই স্থানীয় বিধায়ক প্ৰশান্ত ফুকন তথা ৱাৰ্ড সদস্য প্ৰণৱ কলিতাৰ।

ডিব্ৰুগড় চহৰৰ ৪ নং ৱাৰ্ডৰ অন্তৰ্গত বিবেকানন্দ পথৰ বাসিন্দাসকল তথা পথচাৰিক জ্বলা কলা খুৱাইছে পথত জমা হোৱা লেতেৰা পানীয়ে।

স্থানীয় লোকৰ অভিযোগ যে বাৰংবাৰ অনুৰোধ কৰাৰ পাছতো কোনো পদক্ষেপ নলয় ৱাৰ্ড সদস্য প্ৰণৱ কলিতাই।

ইমানৰ পিছতো উন্নয়নৰ ঢাক ঢোল বজোৱা BJP চৰকাৰ খনৰ বিধায়ক প্ৰশান্ত ফুকন তথা ৪ নং ৱাৰ্ডৰ , ৱাৰ্ড সদস্য প্ৰণৱ কলিতাৰ দৃষ্টি গোচৰ হ’ব নে সেয়া হ’ব লক্ষ্যনীয়।।

Leave A Reply