Breaking

এগৰাকী সত্ৰীয়া ট্যুৰ গাইডে জিনিলে” মাজুলী ট্যুৰিজিম এৱাৰ্ড “

0 2,013

পিন্ধনত ধুতি-পঞ্জাবী , চল্লিছৰ উৰ্ধৰ যুৱক নিতুল দত্তই সত্ৰীয়া নৈমিত্তিক কৰ্মৰাজী সমাপন কৰি পূৱাই খোজকাঢ়ি ওলাই যায় পৰ্যটকৰ সন্ধানত । কান্ধত এটা কাপোৰৰ বেগ ওলমাই পুৱাই সত্ৰীয়া কৰ্মখিনি সমাপন কৰি ওলাই যোৱা ট্যুৰ গাইড গৰাকীয়ে সন্ধান কৰে এগৰাকী পৰ্যটকৰ ৷ কিয়নো এজন হ’লেও পৰ্যটক পালেহে ভাতমুঠি জোগাৰ কৰিব পাৰে তেওঁ। সততে মাজুলীৰ বিভিন্ন স্থানত পৰ্যটকক লগত লৈ ঘুৰি ফুৰা সেইগৰাকী ট্যুৰ গাইড হ’ল প্ৰসিদ্ধ আউনীআটী সত্ৰৰ যুৱ ভকত , সত্ৰৰ উত্তৰ হাটীৰ নিবাসী নিতুল দত্ত। সেইগৰাকী ভকত ট্যুৰ গাইডে        ”   মাজুলী ট্যুৰিজিম এৱাৰ্ড ২০২১ “‘  জিনি প্ৰমাণ কৰিছে সততাৰ স্বীকৃতি দেৰিকৈ হ’লেও পোৱা যায় । মাজুলীৰ ইমূৰৰ পৰা সিমূৰলৈ , সত্ৰৰ মজিয়াৰ পৰা জনজাতিৰ চাংঘৰলৈ , বান -বিধ্বস্ত অঞ্চললৈকে সকলো নখ দৰ্পণত তেওঁৰ । ইংৰাজী আৰু হিন্দী ভাষা সলসলীয়াকৈ ক’ব পৰা ট্যুৰ গাইড মাজুলীৰ পৰ্যটন ক্ষেত্ৰখনৰ আইকন স্বৰূপ।  আৰ্থিক ভাৱে অতি নিস্ব নিতুল দত্তৰ পৰ্যটকক সংগ দিবলৈ গাড়ী , মটৰ চাইকেল বাদেই এখন বাই চাইকেলৰো অভাৱ। সেয়ে খোজেৰেই আৰম্ভ হয় তেওঁৰ যাত্ৰা। উদাসীন সত্ৰৰ চাৰিবেৰৰ এগৰাকী সত্ৰীয়াই কেৱল মাজুলীৰে নহয় অসমৰ পৰ্যটন ক্ষেত্ৰখনত সত্ৰৰ চানেকি স্বৰূপ  হৈ জিলিকি উঠিছে। এইগৰাকী সত্ৰীয়া ট্যুৰ গাইডক ” ট্যুৰ এম্বেচাদৰ” ৰূপে নিযুক্তি দি মাজুলীৰ “সত্ৰ পৰ্যটন” ক বিশ্বৰ আগত দাঙি ধৰিবলৈ “মাজুলীৰ সাহিত্য” গোষ্ঠীয়ে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।  সত্ৰৰ চাৰিবেৰৰ মাজত থাকি সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা ৰক্ষা কৰি নীৰৱে পৰ্যটন ক্ষেত্ৰখনত সেৱা আগবঢ়াই অহা দত্তক স্বীকৃতি দি মাজুলী ট্যুৰিজিমে  ২০২১ বৰ্ষৰ ট্যুৰিজিম এৱাৰ্ড আগবঢ়োৱাৰ বাবে স্বেচ্ছাসেৱী সংগঠনটোলৈ ” মাজুলীৰ সাহিত্য” গোষ্ঠীয়ে ধন্যবাদ জ্ঞাপন কৰিছে। তথাকথিত ৰজাঘৰৰ এনে সৎ আৰু নীৰৱ কৰ্মীক চকুত নপৰে , মাজুলী ট্যুৰিজিমে প্ৰকৃত জনক স্বীকৃতি দিছে , আমি আদৰণি জনাইছোঁ,গোষ্ঠীৰ এক বাৰ্তাত এইদৰে প্ৰকাশ । মহামাৰী ক’ৰণাত বিধ্বস্ত ট্যুৰিজিম  খণ্ডত যোৱা দুটা বছৰত অতি বেয়াকৈ প্ৰভাৱ পৰা এইসকল সাধাৰণ লোকৰ সাহাৰ্যৰ বাবে চৰকাৰে শেহতীয়াকৈ যি ঘোষণা  কৰিছে সেয়া অতিকে আদৰণীয় , মাথো তেনে আঁচনিৰ পৰা নিতুল দত্তৰ দৰে নীৰৱ কৰ্মী বিলাক যাতে বঞ্চিত নহয়। উল্লেখযোগ্য , বিশ্ব পৰ্যটন দিৱসত অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই অসমৰ ১৪২জন ট্যুৰ অপাৰেটৰক দুইলাখ কৈ আৰু ট্যুৰ গাইড সকলক ২৫হাজাৰকৈ সাহাৰ্য দিব বুলি ঘোষণা কৰিছিল।

Leave A Reply